NORTHEAST NOW (Assamese)

১৫ মে’ত দেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতাৰ ত্ৰয়োদশ সংস্কৰণ

May 14, 2022 3:34 pm · এন ই নাও নিউজ,গুৱাহাটী

গুৱাহাটী দবা একাডেমীয়ে ১৫ মে’ দেওবাৰে আৰ জি বৰুৱা পথত অৱস্থিত একাডেমী চৌহদত দেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতা (ত্ৰয়োদশ সংস্কৰণ)ৰ আয়োজন কৰিছে।

প্ৰতিযোগিতা খন ১৫ মে, দেওবাৰে ১০ বজাত আৰম্ভ হব আৰু সেইদিনাই বিয়লি ৪ বজাত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হব। প্ৰতিযোগিতাখনত সৰ্বাধিক ৪০জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব।

প্ৰথম পাঁচটা স্থান অধিকাৰ কৰা খেলুৱৈ সকলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰা হব। ইয়াৰ বাহিৰেও অনুৰ্দ্ধ ৭ বছৰ, অনুৰ্দ্ধ ৯ বছৰ, অনুৰ্দ্ধ ১১ বছৰ, অনুৰ্দ্ধ ১৩ বছৰ আৰু অনুৰ্দ্ধ ১৫ বছৰ বয়সৰ প্ৰথম তিনিটা স্থান অধিকাৰ কৰা খেলুৱৈ সকলক পদক প্ৰদান কৰা হব।

প্ৰতিযোগিতাখন ছুইছ লীগ পদ্ধতিত ছয় ৰাউণ্ডৰ বাবে অনুষ্ঠিত হব। এজন খেলুৱৈয়ে এখন খেলৰ বাবে সৰ্বাধিক বিশ মিনিট সময় পাব।

ইচ্ছুক খেলুৱৈ সকলে যোগদানৰ লগতে বিতং খবৰৰ বাবে ৮৪০২০২০০৭৩ নম্বৰত ফোন কৰিব পাৰে।

অথবা গুৱাহাটী দবা একাডেমীৰ মুখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ লগত যোগাযোগ কৰিব পাৰে।

Related News