NORTHEAST NOW (Assamese)
Popular Stories

আন্তঃৰাষ্ট্ৰীয় ফুটবলত ১৫ বছৰ সম্পূৰ্ণ সুনীল চেত্ৰীৰ; অৱসৰ সম্পৰ্কে দিলে ডাঙৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 12, 2020 9:35 am

দেশৰ হৈ সৰ্বাধিক মেচ আৰু গ’ল কৰাৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়া ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে আজি আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১৫ বছৰ সম্পূৰ্ণ কৰিলে।

৩৫ বৰ্ষীয় চেত্ৰী বৰ্তমান নিজৰ খেলক লৈ সুখী আৰু অহা তিনি-চাৰি বছৰলৈ তেওঁ খেলি যাব বিচাৰে বুলি ইংগিত প্ৰদান কৰে।

এই পৰ্যন্ত তেওঁ অৱসৰৰ চিন্তা নাই কৰা বুলিও কয়।

চেত্ৰীয়ে ভাৰতীয় ফুটবল দলৰ ফেইচবুক পেজৰ লাইভত কয়, ‍‘কেতিয়ালৈকে খেলিম মই এতিয়াই ক’ব নোৱাৰিম কিন্তু খেলৰ সম্পূৰ্ণ মজা লৈ আছো’।

উল্লেখ্য যে ভাৰতীয় ফুটবলৰ অন্যতম মহান খেলুৱৈৰ শাৰীত অন্তৰ্ভুক্ত হৈছে চেত্ৰী। ২০০৫ চনত পাকিস্তানৰ বিৰুদ্ধে এখন বন্ধুত্বমূলক মেচত অভিষেক ঘটিছিল চেত্ৰীৰ।

সুনীল চেত্ৰীয়ে বৰ্তমানলৈ ১১৫ খন মেচ খেলি ৭২ টা গ’ল প্ৰদান কৰিছে। সক্ৰিয় ফুটবলাৰৰ ভিতৰত পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ পিছতে আন্তঃৰাষ্ট্ৰীয় গ’লদাতাৰ তালিকাৰ দ্বিতীয় স্থানত আছে চেত্ৰী। তেওঁ মেছীতকৈও আগত আছে।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১৫ বছৰ সম্পূৰ্ণ কৰা চেত্ৰীয়ে কয়, ‍‘দেশৰ বাবে ১৫ বছৰ খেলা গৌৰৱৰ বিষয়। যদি তিনি-চাৰি বছৰ আৰু খেলো তেন্তে ২০ বছৰেই হৈ যাব। ২০ বছৰলৈকে খেলিব পাৰিম বুলি কোনে ভাবিছিল। এয়া সপোনৰ দৰে’।