NORTHEAST NOW (Assamese)

৫৮ বছৰ বয়সতো দূৰন্ত তৰুণী ! আকৌ মহাকাশলৈ যাবলৈ সাজু হৈছে সুনীতা উইলিয়াম

May 6, 2024 8:53 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 6, 2024 8:55 pm

পুনৰ মহাকাশ উৰণৰ বাবে সাজু হৈছে ভাৰতীয় মূলৰ মহাকাশ বিজ্ঞানী সুনীতা উইলিয়ামছ। ইয়াৰ পূৰ্বে দুবাৰকৈ মহাকাশলৈ গৈছে সুনীতা উইলিয়ামছে। এতিয়ালৈকে মহাকাশত মুঠ ৩২১ দিন ১৭ ঘন্তা ১৫মিনিট সময় কটাইছে সুনীতাই।

জানিব পৰা মতে, নৱ নিৰ্মিত মহাকাশযান ‘বয়িং ষ্টাৰলাইনা’ত অহা ৭ মে’ত মহাকাশলৈ যাব সুনীতা উইলিয়ামছ।

কেনেডী স্পেচ চেণ্টাৰৰ পৰা ৭ মে’ত ভাৰতীয় সময় মতে ৮ বাজি ৪ মিনিটত মহাকাশ অভিমুখে উৰা মাৰিব সুনীতা উইলিয়ামছে।

মহাকাশলৈ যোৱাৰ পূৰ্বে সুনীতা উইলিয়ামছে কয় যে মই পূৰ্বে দুবাৰকৈ মহাকাশলৈ গৈছোঁ। মহাকাশৰ শূনতাত মই যথেষ্ট সময় কটাইছোঁ। মহাকাশলৈ গ’লে মোৰ পুৰণি ঘৰলৈ যোৱা যেন অনুভৱ হ’ব।

উল্লেখ্য যে NASAৰ মহাকাশ অভিযানৰ দ্বিতীয়গৰাকী ভাৰতীয় মহিলা সুনীতা। যদিও সুনীতা বৰ্তমান আমেৰিকাৰ নাগৰিক, সুনীতাৰ পূৰ্বপুৰুষ আছিল গুজৰাটৰ।

জানি ভাল পাব যে মহাকাশলৈ গ’লে চিঙৰা খাবলৈ ভাল পাই সুনীতা উইলিয়ামছে।

Related News