NORTHEAST NOW (Assamese)
দেশ

সপোন পূৰণ হ’ল ‘চুপাৰ ক’প’ আনন্দ মিশ্ৰৰ : বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 14, 2025 9:11 pm

অৱশেষত প্ৰাক্তন আই.পি.এছ. বিষয়া আনন্দ মিশ্ৰই তেওঁৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক লক্ষ্যত উপনীত হল। যি সপোন পূৰণৰ বাবে তেওঁ আই.পি.এছ.-ৰ লোভনীয় চাকৰি ত্যাগ কৰি স্বেচ্ছামূলক অৱসৰ লৈছিল, সেই সপোন আজি বিহাৰৰ নিৰ্বাচনত পূৰণ হল।

বিহাৰৰ বক্সাৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে বিজয়ী ঘোষিত হল আনন্দ মিশ্ৰ। তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীক পৰাস্ত কৰি এই জয় লাভ কৰে।

আনন্দ মিশ্ৰ অসমৰ জনসাধাৰণৰ বাবে এক চিনাকি নাম। আৰক্ষী অধীক্ষক হিচাপে অসমত তেওঁ বিশেষ খ্যাতি লাভ কৰিছিল আৰু “চুপাৰ কপ” হিচাপে পৰিচিত হৈছিল। ৰাজনীতিত কেৰিয়াৰ গঢ়াৰ বাবেই তেওঁ লখিমপুৰৰ আৰক্ষী অধীক্ষক হৈ থকা সময়তে চাকৰি ত্যাগ কৰি নিজৰ গৃহৰাজ্য বিহাৰলৈ উভতি গৈছিল।

আই.পি.এছ. বিষয়াৰ চাকৰি এৰি ৰাজনীতিত খোজ দিয়াৰ পিছত আনন্দ মিশ্ৰৰ যাত্ৰা বহু উত্থান-পতনেৰে ভৰা।

তেওঁ পূৰ্বে প্ৰশান্ত কিশোৰৰ নেতৃত্বাধীন জন স্বৰাজ পাৰ্টিত সক্ৰিয় হৈ আছিল আৰু যুৱ শাখাৰ সভাপতিৰ দায়িত্বও চম্ভালিছিল। কিন্তু এবছৰৰ ভিতৰতে তেওঁ দল সলনি কৰে।

২০২৪ লোকসভা নিৰ্বাচনত তেওঁ বক্সাৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও শোচনীয়ভাৱে পৰাজিত হৈছিল।

অৱশেষত, তেওঁ চলিত বৰ্ষৰ ১৯ আগষ্টত নিজ গৃহৰাজ্য বিহাৰত আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

বহু প্ৰচেষ্টা আৰু পৰাজয়ৰ পিছত, দল সলনি কৰি বিজেপিত যোগ দিয়াৰ চাৰি মাহৰ পাছতে আনন্দ মিশ্ৰই অৱশেষত সফলতাৰ মুখ দেখিবলৈ সক্ষম হল। তেওঁ এতিয়া আই.পি.এছ. বিষয়াৰ পৰা বিধায়কৰ নতুন পৰিচয় লাভ কৰিলে।