NORTHEAST NOW (Assamese)
Popular Stories

এবিধ বিশেষ আলুৰ উৎপাদনত ব্যস্ত এদল মাৰ্কিন বিজ্ঞানী, কি সেই আলু?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 4, 2021 6:43 pm

এবিধ বিশেষ আলুৰ উৎপাদনত এতিয়া ব্যস্ত হৈ পৰিছে এদল মাৰ্কিন বিজ্ঞানী। আলু বিধকলৈ বিজ্ঞানীৰ দলটোৱে বহু সপোনো দেখিছে।

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱত খাদ্য শস্যকে ধৰি আন বহু গছ-গছনি আদি পৃথিৱীৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটিছে।

বিশ্ব পৰিবেশ বিজ্ঞানীসকলে আশংকা কৰা অনুসৰি উষ্ণতা বৃদ্ধিৰ প্ৰভাৱতে আৰু কেইটামান দশৰ ভিতৰতে সমগ্ৰ বিশ্বৰ পৰা হেৰাই যাব বহু পাচলিকে ধৰি গছ-গছনি।

গোলকীয় উষ্ণতাৰ বাবে বিশ্বৰ পৰা বহু পাচলি আৰু উদ্ভিদ হেৰাই গ’লেও পিছতে সকলোৰে চিনাকী আলু হেৰাই নাযায়। কাৰণ তাৰ ব্যৱস্থা কৰিছে বিজ্ঞানীসকলে।শেহতীয়াকৈ মেইন বিশ্ব বিদ্যালয়ৰ গৱেষকসকলে এনে এবিধ আলু উদ্ভাৱন কৰি উলিয়াইছে যিবিধ আলুৱে অত্যধিক তাপো সহ্য কৰিব পাৰে।

বিজ্ঞানীসকলে উদ্ভাৱন কৰা এনে ‘চুপাৰ পটেটো’ৰ গুণ এয়াই যে ই গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে নিজকে সুন্দৰ ভাবে খাপ খুৱাই ল’ব পাৰিব।বিশ্ববিদ্যালয় খনৰ গৱেষক গ্ৰেগ’ৰী পৰ্টাৰে প্ৰকাশ কৰা মতে উষ্ণতা বৃদ্ধি আৰু বতৰৰ বিষম পৰিৱৰ্তনৰ মাজতো চুপাৰ পটেটো’বিধে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হ’ব।

বতৰৰ পৰিৱৰ্তনে মাতি অনা বিভিন্ন ৰোগৰ পৰাও এনে আলু মুক্ত হৈ থাকিব বুলি বিজ্ঞানীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বতৰৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অত্যধিক বৰষুণ হ’লে, বানৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হ’লেও এনে আলুৱে সকলো পৰিবেশৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰিব।

আমেৰিকাৰ ভাৰ্জিনিয়া,নৰ্থ কেৰ’লিনা,ফ্ল’ৰিডা আদি অঞ্চলত  এই তাপসহনশীল আলু বিধৰ ব্যাপক মাত্ৰাত খেতি কৰা হৈছে। 

যদি বিজ্ঞানীসকলে ভবাৰ দৰেই আলু বিধৰ উৎপাদন প্ৰক্ৰিয়া সঠিক ভাবে আগবাঢ়ে তেন্তে সেয়া হ’ব মানৱ জাতিৰ বাবে এক আশীৰ্বাদ।