NORTHEAST NOW (Assamese)

হিংসা বিয়পোৱাৰ অভিযোগত বাংলাদেশত দুগৰাকী বি এন পি নেতাক গ্ৰেপ্তাৰ

November 28, 2019 8:21 pm · এন ই নাও নিউজ
Updated: November 28, 2019 8:24 pm
খালেদা জিয়া

হিংসাত্মক বিষবাষ্প বিয়পোৱা অভিযোগত বাংলাদেশৰ আৰক্ষীয়ে বৃহস্পতিবাৰে দুগৰাকী বি এন পিৰ নেতাক গ্ৰেপ্তাৰ কৰে।

বি এন পি নেতা অৱসৰপ্ৰাপ্ত মেজৰ হাফিজ উদ্দিন আহমেদক বাংলাদেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা ওলাই অহাৰ সময়তে ঢাকাত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে, বি এন পিৰ যুটীয়া সচিৱ জেনেৰেল খাইৰুল কবিৰ খোকনকো বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ঢাকা মহানগৰ আৰক্ষীৰ এগৰাকী বিষয়াই উল্লেখ কৰা মতে, বুধবাৰে ঢাকা সৰ্বোচ্চ ন্যায়ালয়ৰ সন্মুখত আৰক্ষী আৰু বি এন পি কৰ্মীসকলৰ মাজত হোৱা খণ্ড-যুদ্ধৰ ঘটনা সংক্ৰান্তত দুয়ো গৰাকী নেতাক গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হিংসাত্মক পৰিবেশ সৃষ্টি কৰা অভিযোগত বি এন পিৰ ২০-২৫ গৰাকী নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল বুলি জানিব পৰা গৈছে।

বাংলাদেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী খালেদা জিয়াৰ মুক্তিৰ দাবী জনাই বি এন পিয়ে বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ সন্মুখত উলিওৱা প্ৰতিবাদী শোভাযাত্ৰাৰ সময়ত আৰক্ষীৰ সৈতে বি এন পিৰ কৰ্মীসকলৰ সংঘাত হয়।

আৰক্ষী আৰু বি এন পি কৰ্মীৰ মাজত হোৱা সংঘাতত দুগৰাকী আৰক্ষীৰ লোক আহত হোৱাৰ লগতে বহু যান-বাহন প্ৰতিবাদকাৰী সকলে লণ্ড-ভণ্ড কৰে।

এগৰাকী বি এন পি সমৰ্থকে বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰাৰ বাবে তেওঁলোকৰ নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি অভিযোগ কৰে।

উল্লেখযোগ্য যে, দুটা কেলেংকাৰীৰ গোচৰত বাংলাদেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী খালেদা জিয়া ২০১৮ চনৰ ফেব্ৰুৱাৰিৰ পৰা কাৰাবাসত আছে।

Related News