NORTHEAST NOW (Assamese)
দেশ

ৰণবীৰ এলাহাবাদিয়ৰ অন্তৱৰ্তীকালীন সুৰক্ষা বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ, লাভ কৰিলে প’ডকাষ্ট পুনৰ সম্প্ৰচাৰ অনুমতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 3, 2025 9:41 pm

ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়াক সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ে তেওঁৰ জনপ্ৰিয় প’ডকাষ্ট ‘দ্য ৰণবীৰ শ্ব’ পুনৰ সম্প্ৰচাৰ বাবে অনুমতি দিয়ে। ন্যায়ালয়ে নৈতিকতা আৰু শালীনতা বজাই ৰখাৰ চৰ্তত ন্যায়ালয়ে  অনুমতি প্ৰদান কৰে। আদালতে জোৰ দি কয় যে বিষয়বস্তুবোৰ সকলো বয়সৰ দৰ্শকৰ বাবে উপযোগী হ’ব লাগিব।

শ্ব’টোৰ প্ৰডাকচনৰ সৈতে জড়িত ২৮০ জন কৰ্মচাৰীৰ জীৱিকাৰ দিশটোত লক্ষ্য ৰাখি ন্যায়ালয় এই সিদ্ধান্তত উপনিত হয়।

এলাহবাদিয়াই তেওঁৰ প’ডকাষ্টৰ সম্প্ৰচাৰত বাধা আৰোপ কৰা পূৰ্বৰ আদেশৰ পৰা সকাহ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। কিছুদিনৰ পূৰ্বে স্পৰ্শকাতৰ মন্তব্যৰে বিতৰ্কত সোমাই পৰা পাছত মহাৰাষ্ট্ৰ আৰু অসমত তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন এফআইআৰৰ ভিত্তিত গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষাও বৃদ্ধি কৰিছে আদালতে।

কাৰ্য্যবিধিৰ সময়ত এটৰ্নী জেনেৰেল আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সম্প্ৰচাৰৰ বিষয়বস্তু যাতে সমাজৰ প্ৰতিষ্ঠিত নৈতিক মানৰ সৈতে সামঞ্জস্যপূৰ্ণ হয় তাৰ বাবে নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। আদালতে এই যুক্তিৰ সহমত পোষণ কৰি অনুপযুক্ত বুলি বিবেচিত বিষয়বস্তুৰ প্ৰচাৰ ৰোধ কৰিবলৈ নিৰ্দেশনাৰ প্ৰয়োজন হ’ব পাৰে বুলি উল্লেখ কৰে।