NORTHEAST NOW (Assamese)
দেশ

সমকামী ন্যায়াধীশ নিযুক্তিত বাধা দি উচ্চতম ন্যায়ালয়ত মুখথেকেচা খালে কেন্দ্ৰই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 19, 2023 8:54 pm
Supreme Court backs gay advocate

চৰম পৰ্যায়ত উপনীত হৈছে কেন্দ্ৰ আৰু ন্যায়পালিকাৰ মাজত কলেজিয়াম বিতৰ্ক। ন্যায়পালিকাত বাৰে বাৰে হস্তক্ষেপৰ প্ৰচেষ্টা চলাই বিমুখ হোৱা কেন্দ্ৰীয় চৰকাৰে পুনৰ এবাৰ মুখথেকেচা খাইছে উচ্চতম ন্যায়ালয়ত। ন্যায়পালিকাত সমকামী ন্যায়াধীশ নিযুক্তিত বাধা দিয়া কেন্দ্ৰক এইবাৰ ন্যায়ৰ পাঠ পঢ়ালে শীৰ্ষ আদালতে।

বিগত পাঁচ বছৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে জ্যেষ্ঠ অধিবক্তা সৌৰভ কৃপালক কলেজিয়ামে নিযুক্তিৰ প্ৰস্তাৱ দি অহাৰ পাছতো কেন্দ্ৰৰ বাধাৰ বাবে নিযুক্তি প্ৰক্ৰিয়া স্থগিত থকাৰ পাছত এই বিষয়ত পোনপটীয়া ৰায় দিছে উচ্চতম ন্যায়ালয়ে।

কৃপালক ন্যায়াধীশ হিচাপে নিযুক্তি নিদিয়াৰ বাবে কেন্দ্ৰৰ যুক্তি সন্দৰ্ভত ৰাজহুৱাভাৱে মন্তব্য কৰিছে শীৰ্ষ আদালতে। মন কৰিবলগীয়া যে তৃতীয়বাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ বাবে সৌৰভ কৃপালৰ নাম পৰামৰ্শ দিছিল।

তাৰ সমান্তৰালকৈ কৃপালক ন্যায়াধীশ হিচাপে নিযুক্তি নিদিয়াৰ আত্মপক্ষ সমৰ্থনত দুটা যুক্তি দেখাইছিল কেন্দ্ৰই। কেন্দ্ৰৰ যুক্তি অনুসৰি, সৌৰভ কৃপালে মুকলিকৈ নিজকে সমকামী বুলি উল্লেখ কৰিছে। তদুপৰি তেওঁৰ সংগী ছুইডেনৰ আৰু তেওঁ ছুইজাৰলেণ্ডৰ দূতাবাসত কাম কৰে।

কিন্তু কেন্দ্ৰৰ এই দুয়োটা যুক্তি নাকচ কৰে উচ্চতম ন্যায়ালয়ে। শীৰ্ষ আদালতে কয় যে ছুইডেনৰ ব্যক্তি অৰ্থাৎ কৃপালৰ সংগী দেশৰ বাবে হ’ব পাৰে বুলি ধৰিব পৰা কোনো তথ্য বিচাৰি পোৱা নাই। তদুপৰি তেওঁৰ কৰ্মস্থান ছুইজাৰলেণ্ড ভাৰতৰ এখন ‘বন্ধু’ দেশ বুলিও সোঁৱৰাই দিয়ে ন্যায়ালয়ে।

লগতে উচ্চতম ন্যায়ালয়ে সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিৰ যদি বিদেশী পত্নী থাকিব পাৰে, তেন্তে কৃপালৰ ক্ষেত্ৰত ই কিয় আপত্তিজনক হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰে। আনহাতে কৃপালৰ নিজা যৌনতাৰ বিষয়ত কেন্দ্ৰই আপত্তি কৰিলেও উচ্চতম ন্যায়ালয়ে কৃপালে নিজৰ যৌন পছন্দৰ বিষয়ে ৰাজহুৱাভাৱে প্ৰকাশ কৰা ধৰণটো প্ৰশংসনীয় বুলি উল্লেখ কৰে।

ন্যায়ালয়ে কয় যে ন্যায়ৰ প্ৰাৰ্থী হিচাপে বিবেচিত হোৱাৰ পিছতো কৃপালে নিজৰ সমকামিতাক লুকুৱাই ৰখা নাছিল। যদি তেওঁ ন্যায়াধীশ হিচাপে নিযুক্ত হয়, ই দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠত এক নতুন মাত্ৰা সংযোজন কৰিব বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে, ২০১৮ চনত কলেজিয়ামে প্ৰথমবাৰৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ বাবে কৃপালৰ নাম পৰামৰ্শ দিছিল। কিন্তু সেই পৰামৰ্শক কেন্দ্ৰই আওকাণ কৰে। তাৰ পিছৰে পৰা ন্যায়াধীশ পদৰ বাবে তেওঁৰ নাম বিবেচনা কৰাৰ প্ৰস্তাৱ কেন্দ্ৰই বাৰে বাৰে নাকচ কৰি আহিছে।