NORTHEAST NOW (Assamese)

মৃত্যুদণ্ড প্ৰদানত ফাঁচীৰ বিকল্প ব্যৱস্থা নাকচ কেন্দ্ৰৰ! উচ্চতম ন্যায়ালয়ৰ তীব্ৰ সমালোচনা

October 16, 2025 8:35 am · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰই মৃত্যুদণ্ডৰ দোষীক ফাঁচী দিয়াৰ পৰিৱৰ্তে মাৰাত্মক বেজী ব্যৱহাৰৰ বিকল্প নাকচ কৰাৰ বাবে কঠোৰ সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে । চৰকাৰৰ এই স্থিতিক আধুনিক যুগৰ সৈতে নিজকে “পৰিৱৰ্তন কৰিবলৈ অস্বীকাৰ” কৰা বুলি আখ্যা দিয়ে ন্যায়ালয়ে ।

২০১৭ চনত অধিবক্তা ঋষি মালহোত্ৰাই ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ ধাৰা ৩৫৪(৫)-ৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা এই গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ  বিচাৰপীঠে এইদৰে মন্ত্ব্য কৰে ।

আবেদনকাৰী মালহোত্ৰাই আদালতক জনায় যে ফাঁচী দিয়াৰ পদ্ধতিয়ে দোষীক দীঘলীয়া শাৰীৰিক যন্ত্ৰণা আৰু মানসিক কষ্টৰ সন্মুখীন কৰে, যিটো প্ৰায় ৩০-৪০ মিনিটলৈকে স্থায়ী হয়। এই পদ্ধতি সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদত উল্লেখিত সুৰক্ষিত “জীৱনৰ অধিকাৰ” আৰু মৃত্যুদণ্ডত নূন্যতম দুখৰ-কষ্ট ভোগাৰ বাবে ৰাষ্ট্ৰসংঘই প্ৰদান কৰা নিৰ্দেশনাৰ সৈতও বিৰোধী বুলি তেওঁ দাবী কৰে।

আবেদনত ফাঁচীৰ সলনি অধিক মানৱীয় আৰু দ্ৰুত বিকল্প  যেনে মাৰাত্মক বেজী, গুলীচালনা, বিদ্যুৎস্পৃষ্ট কৰা বা গেছ চেম্বাৰ ব্যৱহাৰৰ প্ৰস্তাৱ দিয়া হৈছে। লগতে, “মৰ্যাদাপূৰ্ণ মৃত্যু”ৰ অধিকাৰ মৌলিক বুলি ঘোষণা কৰি, বিদ্যমান ধাৰাক অসাংবিধানিক আৰু “বৰ্বৰ” বুলি ঘোষণা কৰিবলৈ আবেদন কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে নিজৰ শপতনামাত এই বিকল্প পদ্ধতিসমূহ গ্ৰহণৰ বিৰুদ্ধে যুক্তি আগবঢ়াই, ইয়াক “সম্ভৱ নহয়” বুলি মন্তব্য কৰে। এই প্ৰতিবাদত আদালতে কঠোৰ প্ৰতিক্ৰিয়া জনাই কয়  “চৰকাৰে ইচ্ছাকৃতভাৱে পুৰণি পদ্ধতিত স্থিৰ হৈ আছে। সমাজ আৰু সময় দুয়ো সলনি হৈছে, কিন্তু চৰকাৰ সেই পৰিবৰ্তন গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয়।”

কেন্দ্ৰৰ পক্ষৰ অধিবক্তাই ২০২৩ চনৰ মে’ মাহত প্ৰস্তাৱিত বিশেষ ধাৰাটোৰ অগ্ৰগতিৰ বিষয়ে জনোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। উক্ত ধাৰাই ফাঁচী প্ৰদান মৃত্যুদণ্ড সম্পন্ন কৰাৰ “সৰ্বাধিক উপযুক্ত পদ্ধতি” হয় নে নহয় সেই বিষয়ে পৰ্যালোচনা কৰিব বুলি জনোৱা হৈছিল।

উল্লেখ্য যে আদালতে এই বিষয়ে পৰৱৰ্তী শুনানিৰ তাৰিখ ১১ নৱেম্বৰ ধাৰ্য কৰিছে।

Related News