NORTHEAST NOW (Assamese)
দেশ

ইডিৰ মুখঠেকেচাঃ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ডি কে শিৱকুমাৰৰ বিৰুদ্ধে থকা ধন সৰবৰাহৰ গোচৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2024 9:29 pm
DK Shivakumar

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক বৃ্হৎ সকাহ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। আজি শীৰ্ষ আদালতে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে থকা ২০১৮ চনৰ ধন সৰবৰাহৰ গোচৰ খাৰিজ কৰে।

কৰ ফাঁকি আৰু কোটি কোটি মূল্যৰ হাৱালা লেনদেনৰ অভিযোগৰ সৈতে জড়িত আছিল এই গোচৰ। গত ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত এই গোচৰৰ সন্দৰ্ভত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছ নেতাগৰাকীক।

অৱশ্যে পৰৱৰ্তী মাহতে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল। শিৱকুমাৰে উত্থাপিত অভিযোগ অস্বীকাৰ কৰি বিজেপিয়ে তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এনে অভিযোগ অনা বুলি দাবী কৰিছিল।

কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে ইডিৰ তদন্তৰ পিছত ২০১৭ চনত আয়কৰ বিভাগে শিৱকুমাৰ আৰু তেওঁৰ সহযোগীসকলৰ চৌহদত অভিযান চলাইছিল। তাৰ পিছত বিষয়াসকলে এই অভিযানত প্ৰায় ৩০০ কোটি টকা নগদ ধন উদ্ধাৰ হোৱা বুলি কৈছিল।

শিৱকুমাৰে আয়কৰ বিভাগৰ এই দাবীক প্ৰত্যুত্তৰ দি এই নগদ ধন বিজেপিৰ সৈতে জড়িত বুলি দাবী কৰিছিল। শিৱকুমাৰে কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰ কৰি বিজেপিয়ে তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।