NORTHEAST NOW (Assamese)
দেশ

আকৌ উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে ‘হিন্দু খাত্ৰে মেই হায়’ জনস্বাৰ্থৰ গোচৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 10, 2023 6:30 pm

দ্বিতীয়বাৰৰ বাবে উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে ‘হিন্দু খাত্ৰে মেই হায়’ জনস্বাৰ্থৰ গোচৰ। ভাৰতত হিন্দু ধৰ্ম ৰক্ষাৰ বাবে গাইডলাইন বিচৰা এখন আবেদন শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠৰ সন্মুখত বিষয়টো উত্থাপন হোৱাত আদালতে নিৰ্দেশ দিয়ে যে সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত বিষয়টো বিবেচনা কৰিব নোৱাৰিব। 

এই সন্দৰ্ভত ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে কয়, “আপুনি যি প্ৰচাৰ কৰিব বিচাৰে সেয়া আন সকলোৱে অনুসৰণ কৰিব লাগে বুলি কেনেকৈ সিদ্ধান্ত ল’ব? এইবোৰ বিষয় আদালতৰ নহয়,  এইবোৰৰ চৰকাৰৰ বিষয়। সেয়েহে এই আবেদন খাৰিজ কৰা হৈছে।”

এই আবেদন দৌদ্ৰজ সিং নামৰ এজন ব্যক্তিয়ে কৰিছিল। যিয়ে ব্যক্তিগতভাৱে তেওঁৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ আদালতত হাজিৰ হৈছিল।

ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ন্যায়াধীশ কৌল আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই সন্দৰ্ভত এখন আবেদন খাৰিজ কৰিছিল। 

২০২৩ চনৰ ২৭ ফেব্ৰুৱাৰীৰ আদেশত আদালতে এই আবেদনক “সম্পূৰ্ণ ভুল ধাৰণা” আৰু “প্ৰচাৰৰ আবেদন” বুলি অভিহিত কৰিছিল।

এই আদেশ বাতিলৰ বাবে আবেদনকাৰীয়ে কৰা আবেদন আজি পুনৰ খাৰিজ কৰা হয়।