NORTHEAST NOW (Assamese)

শূন্য সহনশীলতা প্ৰয়োজন! ন্যায়পালিকাৰ দুৰ্নীতি নিৰ্মূলৰ পোষকতা ন্যায়াধীশ নাগাৰত্নাৰ

April 19, 2026 12:21 pm · এন ই নাও নিউজ, নতুন দিল্লী
Updated: May 21, 2026 11:08 am

কিছুদিন পূৰ্বে চিবিএছইৰ কিতাপত ন্যায়পালিকাৰ দুৰ্নীতিৰ কথা উল্লেখ থকাৰ বাবে উচ্চতম ন্যায়ালয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গ্ৰন্থখনৰ পৰা সমগ্ৰ অধ্যায়টো আঁতৰাই পেলাব লগা হৈছিল। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে পাঠ্যক্ৰম নিৰ্মাতাসকলক ব্লেকলিষ্ট কৰাৰ নিৰ্দেশ দিয়ে।

সেই মুখ্য ন্যায়াধীশৰ উপস্থিতিতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্নাই শনিবাৰে বেংগালুৰুত ন্যায়িক বিষয়াৰ সন্মিলনত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয়। দ্বিতীয় ৰাষ্ট্ৰীয় ন্যায়িক দৰমহা আয়োগৰ পৰামৰ্শ মতে জিলা আদালতৰ ন্যায়াধীশৰ দৰমহা আৰু ভাট্টা যথেষ্ট বৃদ্ধি কৰা হৈছে বুলিও তেওঁ কয়। অভাৱৰ অজুহাত নচলে।

ইয়াৰ পিছতে তেওঁৰ বিস্ফোৰক মন্তব্য, ‘যিসকলে নিজৰ আইনী উপাৰ্জনত সন্তুষ্ট হ’ব নোৱাৰি লোভৰ বশৱৰ্তী হয়, তেওঁলোকক ব্যৱস্থাটোৰ পৰা আঁতৰাই পেলোৱাৰ প্ৰয়োজন। এগৰাকী ন্যায়াধীশে ভুল বা প্ৰভাৱৰ বশৱৰ্তী হৈ  দিয়া ৰায়দানে সমগ্ৰ ন্যায়পালিকাৰ কলংকিত কৰে।’

তেওঁ লগতে কয়, ‘ন্যায়াধীশসকলে কেৱল বাহ্যিক চাপেই নহয়, কেতিয়াবা সহকৰ্মীৰ হেঁচাও চম্ভালিব লাগে। সাহস আৰু নিৰপেক্ষতাৰে সিদ্ধান্ত ল’ব লাগিব।’

বহু অধিবক্তাৰ মতে চিবিএছইৰ বিতৰ্কৰ মাজতে ন্যায়াধীশ নাগাৰত্নাই কৰা এই মন্তব্যই ন্যায়পালিকাৰ দুৰ্নীতিৰ অভিযোগক একপ্ৰকাৰ মানি লোৱাৰ দৰে লাগিছে। একে সময়তে ন্যায়াধীশগৰাকীয়ে সোঁৱৰাই দিয়ে যে, ‘জিলা আদালতৰ ন্যায়াধীশসকলে ভয় নোহোৱাকৈ কাম কৰিব পৰা পৰিৱেশ গঢ়ি তোলাটোও উচ্চ ন্যায়ালয়ৰ দায়িত্ব। পদোন্নতি, বদলি বা পোষ্টিঙৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে স্বচ্ছতা বজাই ৰাখিব লাগিব।’

তেওঁ আক্ষেপ কৰে, ‘উচ্চ ন্যায়ালয়ৰ পঞ্জীয়নৰ গাফিলতিৰ বাবে কেতিয়াবা জিলা ন্যায়াধীশসকলে অৱহেলিত অনুভৱ কৰে। উচ্চ ন্যায়ালয়ে নিশ্চিত কৰিব লাগিব যে তেওঁলোকৰ সৰু সৰু সমস্যাবোৰ যাতে সোনকালে সমাধান হয়।’ ন্যায়পালিকাত মহিলাসকলৰ অংশগ্ৰহণ সন্দৰ্ভত ন্যায়াধীশ নাগাৰত্নাই কয়, ‘মহিলা ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাই নহয়, তেওঁলোকৰ বাবে কৰ্ম পৰিৱেশ উন্নত কৰাও প্ৰয়োজনীয়। নিৰাপদ আৰু সন্মানজনক কৰ্মক্ষেত্ৰ নিশ্চিত কৰাটো প্ৰয়োজনীয়।

Related News