NORTHEAST NOW (Assamese)
Popular Stories

তদন্তৰ আওতাত থকা ব্যক্তিক আইনী পৰামৰ্শ দিয়া অধিবক্তাক তদন্তকাৰী সংস্থাই চমন জাৰি কৰিব নোৱাৰিবঃ ছুপ্ৰীম কোৰ্ট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 31, 2025 3:10 pm

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে তদন্তকাৰী সংস্থাসমূহেতদন্তৰ অধীনত থকা তেওঁৰ ক্লায়েণ্টক আইনী পৰামৰ্শ দিয়াৰ বাবেই অধিবক্তাক চমন জাৰি কৰিব নোৱাৰিব।

প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) দুজন জ্যেষ্ঠ অধিবক্তাক আইনী কাৰ্য্যবিধিৰ বাবে হাজিৰ হবলৈ চমন জাৰি কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ে বিষয়টোৰ সন্দৰ্ভত ছুঅ মটু গগনিজেন্স বা নিজাববীয়া গোচৰ লৈছিল।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত বিচাৰপীঠে গোচৰৰ পুনৰ শুনানিৰ সময়ত  স্পষ্টভাৱে লক্ষ্য কৰিছিল যে যদি কোনো অধিবক্তাই ‘ক্লায়েণ্টক অপৰাধত সহায় কৰি আছে তেন্তে তেওঁক সোধা-পোছাৰ বাবে মাতিব পাৰি।

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ সভাপতি বিকাশ সিঙে পৰামৰ্শ দিয়ে যে কেন্দ্ৰীয় সংস্থাসমূহে অধিবক্তাক চমন জাৰি কৰিবলৈ আৰক্ষী অধীক্ষকৰ পৰা অনুমতি লব লাগে।

তেওঁ আৰু প্ৰস্তাৱ আগবঢ়ায় যে সংশ্লিষ্ট ন্যায়িক দণ্ডাধীশে অনুমতি দিলেহে চমন অধিবক্তালৈ প্ৰেৰণ কৰিব লাগে বুলি দ্য ইকনমিক টাইমছত প্ৰকাশ পাইছে।

প্ৰতিবেদনত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে “এটা কাণ্ডই ‘অনিয়ন্ত্ৰিত নিৰ্দেশনা সৃষ্টি কৰিবলৈ দিয়া উচিত নহয় আৰু পুনৰ কয় যে অধিবক্তাক তেওঁলোকৰ ক্লায়েণ্টক আইনী পৰামৰ্শ দিবলৈ মাতিব নোৱাৰি।

২২ জুলাইত গোচৰটো স্বীকাৰ কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কৈছিল যে ইডিয়ে জ্যেষ্ঠ অধিবক্তাসকলক তেওঁলোকৰ ক্লায়েণ্টক আইনী পৰামৰ্শ দিবলৈ চমন জাৰি কৰাৰ কথা জানি আচৰিত হৈছিল। তেতিয়া মুখ্য ন্যায়াধীশগৰাকীয়ে এই সন্দৰ্ভত গাইডলাইন প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা আছে বুলি কৈছিল।

ন্যায়াধীশ গাভাইয়ে কৈছিল, ‘ইডিৰ বিষয়াসকলে সকলো সীমা অতিক্ৰম কৰিছে। তেওঁলোকে জনা উচিত যে আইনৰ অধীনত এজন উকীল আৰু তেওঁৰ ক্লায়েণ্টৰ মাজত যোগাযোগ কৰাটো এটা বিশেষ সুবিধাপ্ৰাপ্ত যোগাযোগ।’

ইডিৰ এই কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এছচিবিএৰ সভাপতি বিকাশ সিং, এছচি এডভোকেটছ অন ৰেকৰ্ডৰ সভাপতি বিপিন নাইৰ, জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগী আৰু বিজয় হান্সাৰিয়াইও এই বিষয়ত ব্যৱস্থা গ্ৰহণ আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ বাবে নিয়ম প্ৰণয়ন কৰিবলৈ উচ্চতম ন্যায়ালয়ত এক যৌথ আৱেদন দাখিল কৰে।

ইডিয়ে জ্যেষ্ঠ অধিবক্তা অৰবিন্দ দাতাৰ আৰু প্ৰতাপ ভেনুগোপালক চমন জাৰি কৰাৰ কিছু সময়ৰ পিছতে এই বিষয়টো আহিছে, যি পিছত প্ৰত্যাহাৰ কৰা হয়।