NORTHEAST NOW (Assamese)
Popular Stories

লিংগ নহয়, যোগ্যতাই হ’ব নিযুক্তিৰ মাপকাঠি! সেনাৰ ন্যায়াধীশ এডভোকেট জেনেৰেল নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়  

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 11, 2025 2:07 pm

ন্যায়াধীশ এডভোকেট জেনেৰেল (জেএজি) শাখাত নিযুক্তি দিয়া মহিলা বিষয়াৰ সংখ্যা সীমিত কৰি ৰখা ভাৰতীয় সেনাৰ নীতিক বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। আদালতে ৰায় দিয়ে যে পুৰুষৰ বাবে অধিক পদ সংৰক্ষণ কৰা আৰু মহিলাৰ নিযুক্তিত বাধা আৰোপ কৰাটোৱে সাংবিধানৰ সমতাৰ অধিকাৰ্ক খৰ্ব কৰিছে। উচ্চ্তম ন্যায়ালয়ৰ ৰায়ত কোৱা হৈছে যে লিংগ নহয়, যোগ্যতাৰ ভিত্তিত নিৰ্বাচনৰ সিদ্ধান্ত ল’ব লাগে, কিয়নো জেএজি শাখাত পুৰুষ আৰু মহিলা উভয়ে একে নিৰ্বাচন আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হয়।

ন্যায়াধীশ দিপাংকৰ দত্ত আৰু মনমোহনৰ বিচাৰপীঠে উল্লেখ কৰিছে যে সেনাই নীতি বা প্ৰশাসনিক নিৰ্দেশনা ব্যৱহাৰ কৰি পুৰুষৰ বাবে পদ সংৰক্ষণ কৰিব নোৱাৰে। ন্যায়াধীশসকলে আঙুলিয়াই দিয়ে যে ১৯৫০ চনৰ সেনা আইন অনুসৰি মহিলাসকলক জে এ জিৰ দৰে শাখাত সেৱা আগবঢ়োৱাৰ অনুমতি দিয়া হৈছে, যাৰ মূল ভূমিকা হৈছে সেনাবাহিনীক আইনী পৰামৰ্শ প্ৰদান কৰা। মহিলাসকলক মাত্ৰ তিনিটা খালী পদৰ প্ৰস্তাৱ দিয়াৰ বিপৰীতে পুৰুষক দুগুণ পদ দিয়া এক অধিসূচনাক আদালতে বৈষম্যমূলক বুলি বিবেচনা কৰিছে।

আদালতে কেন্দ্ৰীয় চৰকাৰক জে এ জিৰ খালী পদৰ ৫০% মহিলাৰ বাবে আবণ্টন দিবলৈ নিৰ্দেশ দি কয় যে এটা জাতিৰ নিৰাপত্তা কেৱল আধা জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে। ইয়াত স্পষ্ট কৰি দিয়া হৈছিল যে নিযুক্তিৰ সকলো দিশতে সুযোগৰ সমতা বজাই ৰাখিব লাগিব।