ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

য’তেই ৰাস্তা আছে, তাতেই পথচাৰীৰ বাবে সঠিকভাৱে নিৰ্ধাৰিত আৰু বেদখলমুক্ত স্থান থাকিব লাগিব। সোমবাৰে কেন্দ্ৰীয় চৰকাৰক এই কঠোৰ নিৰ্দেশ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। খোজকঢ়া লোকসকলৰ বাবে নিৰ্ধাৰিত স্থান যাতে কোনো কাৰণতে বেদখল নহয় আৰু ইয়াক যাতে মটৰ বাহন চলাচল কৰা পথৰ পৰা সঠিকভাৱে পৃথক কৰি ৰখা হয়, সেয়া নিশ্চিত কৰিবলৈ ন্যায়ালয়ে কেন্দ্ৰক সকীয়াই দিছে।
ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ অলোক আৰাধেৰ বিচাৰপীঠে কেন্দ্ৰৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজক এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈ কয়। বিচাৰপীঠখনে কয়, “ইয়াৰ বাবে কোনো বৃহৎ বিনিয়োগ বা নিৰ্মাণৰ প্ৰয়োজন নাই, কেৱল পথচাৰীৰ বাবে এটা স্থান নিৰ্ধাৰণ কৰাটো নিশ্চিত কৰক। য’তেই ৰাস্তা আছে, তাতেই খোজকঢ়া মানুহৰ বাবেও সুকীয়াকৈ ঠাই থাকিব লাগিব। প্ৰয়োজনত এডাল ৰছী বা আন যিকোনো বস্তু ব্যৱহাৰ কৰক, কিন্তু সেই স্থান যাতে বেদখল নহয় তাৰ প্ৰতি চকু ৰাখক।”
পথচাৰীসকলে যাতে কোনো চলন্ত বাহনৰ ভয় নোহোৱাকৈ মুকলিমূৰীয়াকৈ আৰু নিৰাপদে খোজ কাঢ়িব পাৰে, সেই বিশ্বাস তেওঁলোকৰ মনলৈ অনাটো জৰুৰী বুলিও ন্যায়ালয়ে গুৰুত্ব আৰোপ কৰে। সংশ্লিষ্ট কৰ্তৃপক্ষক এই নিৰ্দেশনা প্ৰদান কৰিবলৈ ন্যায়ালয়ে অতিৰিক্ত ছলিচিটৰ জেনেৰেলগৰাকীক দুসপ্তাহৰ সময়সীমা বান্ধি দিছে আৰু পৰৱৰ্তী শুনানিৰ দিন দুসপ্তাহৰ পাছত ধাৰ্য কৰিছে।
উল্লেখ্য যে, যোৱা ১৯ জুনত এক গুৰুত্বপূৰ্ণ ৰায়দানত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে নিৰ্ধাৰিত পদপথেৰে খোজকঢ়াটো নাগৰিকৰ এক মৌলিক অধিকাৰ। সংবিধানৰ ১৯(১)(ডি) অনুচ্ছেদৰ অধীনত চলন-ফুৰণৰ অধিকাৰ আৰু ২১ অনুচ্ছেদৰ অধীনত জীৱন আৰু স্বাধীনতাৰ অধিকাৰৰ অংশ হিচাপে খোজকঢ়াৰ এই অধিকাৰে নিৰ্ধাৰিত পথত মটৰ বাহনতকৈ অধিক অগ্ৰাধিকাৰ পাব বুলি ন্যায়ালয়ে ৰায় দান দিছে।