NORTHEAST NOW (Assamese)
দেশ

লোকসভা নিৰ্বাচনৰ পূৰ্বে কিয় গ্ৰেপ্তাৰ হ’ল কেজৰিৱালক? উচ্চতম ন্যায়ালয়ৰ ইডিক প্ৰশ্ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 30, 2024 7:58 pm

লোকসভা নিৰ্বাচনৰ ঠিক আগতেই কিয় গ্ৰেপ্তাৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক? মঙলবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বলবৎকাৰী সঞ্চালকালয় (ইডি)ক এই প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়ে।

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে গোচৰৰ শুনানিৰ সময়ত ইডিৰ অধিবক্তা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৰ পৰা উত্তৰ বিচাৰে। ইয়াৰ লগতে দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে ৰাজুক কয় যে- “জীৱন আৰু স্বাধীনতা যে অতি গুৰুত্বপূৰ্ণ সেই কথা আপুনি অস্বীকাৰ কৰিব নোৱাৰে।”

দিল্লীৰ আবকাৰী নীতি প্ৰণয়ন আৰু অবৈধ বিত্তীয় লেনদেনৰ সৈতে কেজৰিৱালৰ সম্পৰ্ক সন্দৰ্ভত ইডিৰ দাবীৰ পৰিপ্ৰেক্ষিতত ন্যায়াধীশ খান্না আৰু ন্যায়াধীশ দত্তৰ বিচাৰপীঠে ৰাজুক আৰু কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ কয়। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা শুকুৰবাৰে। এই ক্ষেত্ৰত ইডিক জবাবদিহি কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ে কয়।

২১ মাৰ্চত দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। তেতিয়াৰ পৰাই তেওঁ কাৰাগাৰত বন্দী হৈ আছে। কেজৰিৱালে প্ৰথমে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু তেওঁৰ গ্ৰেপ্তাৰ ‘অবৈধ’ বুলি দাবী কৰিছিল। কিন্তু চলিত মাহৰ আৰম্ভণিতে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাই এই আবেদন খাৰিজ কৰাৰ পাছত আপৰ মুৰব্বীগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়।