NORTHEAST NOW (Assamese)

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ পথৰ দুৰৱস্থাক লৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে গম্ভীৰ প্ৰশ্ন উত্থাপন কৰিছে। মুখ্য ন্যায়াধীশ গৰাকীয়ে প্ৰশ্ন কৰিছে যে পথ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা আৰু সঠিক সেৱা প্ৰদান কৰাৰ পাছতো মানুহৰ পৰা কিয় টোল সংগ্ৰহ কৰা হৈছে?

সোমবাৰে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এক গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “মানুহৰ পৰা টোল সংগ্ৰহ কৰা হয়, কিন্তু বিনিময়ত সঠিক সেৱা দিয়া নহয়। মাত্ৰ দুঘণ্টা বৰষুণতে সমগ্ৰ দিল্লী বিশৃংখল হৈ পৰে।

উল্লেখ্য যে শীৰ্ষ আদালতে পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আগতেই টোল সংগ্ৰহ কৰাৰ প্ৰথাক লৈও কঠোৰ সমালোচনা কৰে। আদালতে প্ৰশ্ন তোলে যে অসম্পূৰ্ণ পথ, ভাঙি-পৰি থকা আৰু যথাযথ ৰক্ষণাবেক্ষণ নোহোৱাতো যেতিয়া জনসাধাৰণে কষ্ট পাই আহিছে তেনে স্থলত কিয় টোল সংগ্ৰহ অব্যাহত ৰাখিব লাগে?

উল্লেখযোগ্যভাৱে, কিছুদিনৰ পূৰ্বে কেৰালা উচ্চ ন্যায়ালয়ে এনে এক গোচৰত এডাপল্লী-মনুথী পথৰ টোল সংগ্ৰহ ৪ সপ্তাহৰ বাবে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল। নিৰ্মাণত বিলম্ব আৰু সঠিক ৰক্ষণাবেক্ষণৰ অভাৱৰ ফলত যাতায়াতত সৃষ্টি হোৱা তীব্ৰ যান-জঁটৰ পৰিপ্ৰেক্ষিত আদালতে এই ৰায় প্ৰদান কৰিছে।

Related News