NORTHEAST NOW (Assamese)

৬ জুলাইৰ পৰা আৰম্ভ হ’ব NEETৰ কাউন্সেলিং; উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে স্থগিতাদেশৰ আবেদন

June 21, 2024 4:14 pm · এন ই নাও নিউজ, গুৱাহাটী

নীট-ইউজি ২০২৪ৰ পৰীক্ষাত অনিয়ম আৰু দুৰ্নীতিৰ গোচৰত কাউন্সেলিং বন্ধ কৰাৰ লগতে ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ পুনৰ পৰীক্ষা নিয়ন্ত্ৰক সংস্থাৰ প্ৰস্তাৱ স্থগিত ৰখাৰ আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে আদালতে এই সন্দৰ্ভত অধিক আবেদন একত্ৰিত কৰি শুনানিৰ দিন হিচাপে ৮ জুলাই নিৰ্ধাৰণ কৰে। উল্লেখ্য যে অহা ৬ জুলাইৰ নিৰ্ধাৰিত তাৰিখৰ পৰা নীট পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ বাবে মেডিকেল কলেজত আসন আবণ্টনৰ বাবে কাউন্সেলিং আৰম্ভ হ’ব।

ন্যায়াধীশ বিক্ৰম নাথ আৰু এছ ভি ভট্টীৰ বিচাৰপীঠে স্থগিতাদেশৰ আবেদন নাকচ কৰি কয় যে, যদি আপুনি গোচৰত জয়ী হয় তেন্তে সমগ্ৰ পৰীক্ষা ব্যৱস্থা বাতিল হ’ব পাৰে। এনে সম্ভাৱনা থাকিলেও এতিয়াৰ বাবে চূড়ান্ত সিদ্ধান্তলৈ অপেক্ষা কৰিব লাগিব।

আজিৰ দিনটোত শুনানিৰ সময়ত আবেদনকাৰীৰ এজন অধিবক্তাই ৬ জুলাইৰ কাউন্সেলিং পিছুৱাই দিবলৈ অনুৰোধ জনায়। ইয়াৰ উত্তৰত ন্যায়াধীশ ভট্টীয়ে কয় যে কাউন্সেলিং এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া ৬ জুলাইৰ পৰা আৰম্ভ হ’ব। আমি সময় নষ্ট কৰিব নিবিচাৰো। ছাত্ৰ-ছাত্ৰীয়েই হওক বা কৰ্তৃপক্ষই হওক। অৰ্থাৎ আদালতে স্পষ্ট কৰি দিয়ে যে গোচৰৰ ফলাফল যিয়েই নহওক কিয়, আপাততঃ নামভৰ্তি প্ৰক্ৰিয়াটো চলিব লাগে।

Related News