NORTHEAST NOW (Assamese)

জ্ঞানবাপী মছজিদত চলিব পূজা-আৰতি : মুছলমান পক্ষৰ আবেদন নাকচ কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

April 2, 2024 8:10 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 1, 2024 9:48 pm

বাৰাণসীৰ জ্ঞানবাপি মছজিদত হিন্দুসকলে পূজা অব্যাহত ৰাখিব পাৰিব। সোমবাৰে উচ্চতম ন্যায়ালয়ে মুছলমান পক্ষৰ আবেদন নাকচ কৰি এনে নিৰ্দেশ দিয়ে।

ইয়াৰ পূৰ্বে এলাহাবাদ উচ্চ ন্যায়ালয় আৰু বাৰাণসী জিলা আদালতে জ্ঞানবাপীত পূজা অব্যাহত ৰখাৰ নিৰ্দেশ দিছিল। এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই মুছলমান পক্ষই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে জ্ঞানবাপীত যথাৰ্থ অৱস্থা বজাই ৰখাৰ নিৰ্দেশ দিয়ে। অৰ্থাৎ হিন্দুসকলে পূজা কৰিব পাৰে আৰু মুছলমানসকলে জ্ঞানবাপীৰ চৌহদত নামাজ অব্যাহত ৰাখিব পাৰে।

ইয়াৰ উপৰিও কাশী বিশ্বনাথ মন্দিৰ সমিতিৰ মতামত বিচাৰি আদালতৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে। ১ ফেব্ৰুৱাৰীত বাৰাণসী জিলা আদালতে আৰু ২৬ ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে জ্ঞানবাপি মছজিদ চৌহদত পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি দিছিল। এই নিৰ্দেশনাৰ বিৰুদ্ধে আপত্তি জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল অঞ্জুমান ইণ্টেজামিয়া মছজিদ কমিটী। সেই গোচৰৰৰে ৰায়দান সোমবাৰে ঘোষণা কৰা হয়।

গোচৰ ৰুজু কৰাৰ সময়ত মুছলমান পক্ষই যুক্তি দিছিল যে ১৯৩৭ চনৰ জ্ঞানবাপী বিবাদৰ ৰায় মুছলমানৰ পক্ষত গৈছিল। এনে পৰিস্থিতিত প্ৰত্নতাত্ত্বিক জৰীপে ইয়াত নতুন জৰীপ কৰিব নোৱাৰে।

প্ৰসংগক্ৰমে ২০২১ চনত একাংশ হিন্দু মহিলাই এই জ্ঞানবাপি মছজিদ নিৰ্মাণৰ সবিশেষ তথ্য বিচাৰি আদালতত গোচৰ তৰিছিল। তেওঁলোকে দাবী কৰিছিল যে জ্ঞানবাপী আগতে হিন্দু মন্দিৰ আছিল। সপ্তদশ শতিকাত মোগল সম্ৰাট ঔৰংজেবৰ নিৰ্দেশত মন্দিৰ ভাঙি তাতেই জ্ঞানবাপি মছজিদ নিৰ্মাণ কৰা হয়।

Related News