NORTHEAST NOW (Assamese)

মৃত্যুৰ ৩৪ বছৰ পিছত ঘূৰাই পালে হেৰুওৱা চাকৰি: অৱশেষত ন্যায় পালে দীনেশ শৰ্মাৰ পৰিয়ালে

December 30, 2025 9:32 am · এন ই নাও নিউজ, গুৱাহাটী

আইনী যুঁজ যে দীঘলীয়া আৰু কঠিন হ’ব পাৰে, সেয়া পুনৰ প্ৰমাণ কৰিলে দীনেশ চন্দ্ৰ শৰ্মাৰ জীৱনৰ এক মৰ্মান্তিক ঘটনাই। প্ৰায় ৩৪ বছৰ ধৰি চলা আইনী সংগ্ৰামৰ অন্তত দীনেশে নিজৰ হেৰুওৱা চাকৰি ঘূৰাই পালে যদিও সেই ৰায় শুনিবলৈ তেওঁ আজি জীৱিত নাই। মৃত্যুৰ পাছতহে দেশৰ উচ্চতম ন্যায়ালয়ে তেওঁৰ পক্ষত চূড়ান্ত ৰায় প্ৰদান কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, দীনেশ চন্দ্ৰ শৰ্মাই ১৯৭৮ চনত ৰাজস্থানৰ এখন হোটেলত সাধাৰণ কৰ্মী হিচাপে যোগদান কৰিছিল। কিন্তু ১৯৯১ চনত হোটেল কৰ্তৃপক্ষই ‘অসৎ আচৰণ’ৰ অভিযোগ উত্থাপন কৰি তেওঁক চাকৰিৰ পৰা বহিষ্কাৰ কৰে। নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ দীনেশে সুদীৰ্ঘ কাল আইনী যুঁজ চলাই অৱশেষত ২০১৫ চনত শ্ৰম আদালতত গোচৰ ৰুজু কৰে।

একে বছৰৰে শেষৰ ফালে শ্ৰম আদালতে তেওঁক নিৰ্দোষী ঘোষণা কৰি চাকৰি পুনৰ ঘূৰাই দিবলৈ আৰু বিগত সময়ছোৱাৰ সম্পূৰ্ণ দৰমহা আদায় দিবলৈ নিৰ্দেশ দিয়ে। এই ৰায়ৰ বিৰুদ্ধে হোটেল কৰ্তৃপক্ষই ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কাষ চাপে। উচ্চ ন্যায়ালয়ে চাকৰি পুনৰ ঘূৰাই দিয়াৰ লগতে বকেয়া দৰমহাৰ ৫০ শতাংশ প্ৰদানৰ নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতো হোটেল কৰ্তৃপক্ষই ক্ষান্ত নাথাকি গোচৰটো উচ্চতম ন্যায়ালয়লৈ লৈ যায়। এই সুদীৰ্ঘ আইনী প্ৰক্ৰিয়া চলি থকাৰ মাজতেই দীনেশ চন্দ্ৰ শৰ্মাৰ মৃত্যু হয়। পিতৃৰ মৃত্যুৰ পিছতো তেওঁৰ সন্তানে এই আইনী যুঁজ অব্যাহত ৰাখে।

অৱশেষত ২৬ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মনোজ মিশ্ৰ আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায় বাহাল ৰাখে। আদালতে দীনেশৰ চাকৰি পুনৰ স্বীকৃতি দিয়াৰ লগতে ৫০ শতাংশ বকেয়া দৰমহা আৰু অৱসৰকালীন সকলো সুবিধা প্ৰদানৰ নিৰ্দেশ দিয়ে। এই ৰায় অনুসৰি, সংশ্লিষ্ট হোটেল কৰ্তৃপক্ষই দীনেশৰ পৰিয়ালক মুঠ ৩৩ লাখ ৬৮ হাজাৰ ৩২৬ টকা আদায় দিব লাগিব। দুখৰ বিষয় এই যে, দীনেশ চন্দ্ৰ শৰ্মাই জীৱিত অৱস্থাত নিজৰ এই প্ৰাপ্য ন্যায় আৰু সন্মান উপভোগ কৰিব নোৱাৰিলে।

Related News