NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক নোহোৱাকৈ ১০০ খন আই পি এল খেলত অংশ লোৱাৰ অভিলেখ মুম্বাই ইণ্ডিয়ানছৰ এইগৰাকী খেলুৱৈৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2020 4:10 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক নোহোৱাকৈ ১০০ খন আই পি এল খেলত অংশ লোৱাৰ অভিলেখ মুম্বাই ইণ্ডিয়ানছৰ এইগৰাকী খেলুৱৈৰ

য়আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক নকৰাকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ১০০ খন খেলত অংশগ্ৰহণ কৰা একমাত্ৰ খেলুৱৈ হিচাপে অভিলেখ অৰ্জন কৰে সূৰ্য্যকুমাৰ যাদৱে।

৫ নৱেম্বৰত দিল্লী কেপিটেলছৰ সৈতে হোৱা খেলখনত অংশ লৈ মুম্বাই ইণ্ডিয়ানছৰ তাৰকা মিডল অৰ্ডাৰ বেটছমেন গৰাকীয়ে এই অভিলেখৰ গৰাকী হয়।

আই পি এলত ১০০ খেলত যাদৱে অংশ ল’লেও এতিয়ালৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ অভিলেখ ঘটা নায়।

৫ নৱেম্বৰত দিল্লী কেপিটেলছৰ সৈতে ৫১ ৰানৰ ইনিংছ খেলে সূৰ্য্য কুমাৰ যাদৱে। উক্ত ইনিংছৰ জৰিয়তে যাদৱে আন্তঃৰাষ্ট্ৰীয় খেলত অংশ নোলোৱাকৈ ২০০০ আই পি এল ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়।

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষিত দলত সকলোৱে সূৰ্য্যকুমাৰ যাদৱে স্থান লাভ কৰিব বুলি ভাবিছিল যদিও পৰৱৰ্তী সময়ত দল নিৰ্বাচক সমিতিয়ে তেওঁক ভাৰতীয় দলত স্থান নিদিয়ে।

সূৰ্য্য কুমাৰ যাদৱে অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত স্থান লাভ নকৰাৰ পাছতে বহুকেইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে দল নিৰ্বাচক সমিতিক সমালোচনা কৰে।