NORTHEAST NOW (Assamese)
অসম

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 19, 2021 6:59 am
Sarbananda_Sonowal-750x375

বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে ভোটাৰৰ প্ৰথম পছন্দ। আইএএনএছ-চি-ভোটাৰৰ সমীক্ষাত এইকথা প্ৰকাশ পাইছে।

সমীক্ষা অনুসৰি আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পাছত ৰাজ্যখনৰ শাসনভাৰ পুনৰ চলাবলৈ ভোটাৰসকলে নিৰ্বাচিত কৰিবলগীয়া নেতাসকলৰ ভিতৰত সোণোৱালেই হৈছে আটাইতকৈ ’উপযুক্ত’ ৰাজনীতিক।

অহা ৩১মে’ত সমাপ্ত হ’বলগীয়া বিধানসভাৰ ১২৬টা সমষ্টিৰ সঁহাৰি জনোৱা লোকৰ মাজত ৩০ শতাংশৰেই সোণোৱালক পছন্দ।

সকলো বিধানসভা সমষ্টিক সামৰি ৫,০০০তকৈয়ো অধিক লোকৰ মাজত চলোৱা সমীক্ষাটোৱে দেখুৱাইছে যে ২১.৬শতাংশ নাগৰিকে বিজেপি নেতা বৰ্তমানৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে পছন্দ কৰিছে।

আনহাতে, কংগ্ৰেছ নেতা গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে ১৮.৮শতাংশ লোকে বিচাৰিছে আৰু ইয়াৰ পাছতে আছে এআইয়ুডিএফ নেতা বদৰুদ্দিন আজমল আৰু  প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়া।

প্ৰায় ২০ শতাংশ অসমৰ লোকে আন ৰাজনৈতিক নেতাক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে।