NORTHEAST NOW (Assamese)
Popular Stories

সুশান্ত সিং ৰাজপুতৰ বেংক একাউন্ট : সঁচাই ৰীয়াই ১৫ কোটি টকা সৰকাইছিল নে? কি ক’লে ইডি-এ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2020 9:14 am
Sushant-Singh-Rhea-Chakraborty-Vividrage-Rhealityx

অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীক ১৮ ঘণ্টা জেৰা কৰাৰ পাছত এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰ(ED)এ সুশান্ত ৰাজপুতৰ বেংক একাউন্টৰ পৰা বৃহৎ পৰিমাণৰ ধন ট্ৰেঞ্চফাৰ কৰাৰ কোনো তথ্য লাভ কৰা নাই।

যোৱা এটা বছৰত উক্ত একাউন্টৰটো পৰা মাত্ৰ ৫৫ লাখ টকা ইউড্ৰ’ কৰাৰ তথ্যহে লাভ কৰিছে ইডি-এ।

ইডিৰ এক সূত্ৰৰ পৰা প্ৰাপ্ত তথ্যৰ ভিত্তিত ৰাষ্ট্ৰীয় স্তৰৰ সংবাদ পত্ৰ দ্য ইণ্ডিয়ান এক্সপ্ৰেছএ এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছতে পিতৃ কে কে সিঙে পাটনাত অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীয়ে সুশান্ত সিং ৰাজপুতৰ একাউন্টৰ পৰা ১৫ কোটি টকা কোনো অজ্ঞাত ব্যক্তিলৈ ট্ৰেঞ্চফাৰ কৰিছিল বুলি অভিযোগ কৰি এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰ ভিত্তিত ইডি-এ অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীৰ লগতে, ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তীসহ ৰীয়াৰ ব্যৱসায়িক মেনেজাৰ শ্ৰুতি মোদী, চাৰ্টাৰাড্ একাউনটেন্টৰ লগতে সুশান্তৰ ভগ্নী আৰু বন্ধু সিদ্ধাৰ্থ পিঠানীকো জেৰা কৰিছিল।

ইডি-এৰ সূত্ৰটোৰ মতে সুশান্ত সিং ৰাজপুতৰ কটক বেংকৰ প্ৰাইমেৰী একাউন্টটোৰ ইউড্ৰৱেলৰ সকলোবোৰ তথ্য সংস্থাটোৱে ট্ৰেকিং কৰিবলৈ চেষ্টা কৰিছিল।

উক্ত একাউন্টো ১৫ কোটি টকাৰে আৰম্ভ কৰা হৈছিল আৰু যোৱা বছৰটোত সুশান্তৰ টেক্স, ভ্ৰমণসহ অন্যান্য খৰচ উক্ত একাউন্টৰ পৰা কৰা হৈছিল বুলি জানিবলৈ দিছে ইডিৰ সূত্ৰটোৱে।

সূত্ৰটোৰ মতে ইডি-এ ৰীয়া আৰু সুশান্ত কোনো জইন্ট বেংক একাউন্টৰ সন্ধান লাভ কৰা নাই।

ইফালে ইডি-এ নিশ্চিত হৈছে যে ৰীয়াই দুটা বিলাসী সম্পত্তি পৰিয়ালৰ সৈতেহে ক্ৰয় কৰিছে।

উল্লেখ্য যে, ইডি-এৰ অনুসন্ধানত পোৱা গৈছে ৰীয়া আৰু তেওঁৰ ভাতৃয়ে যোৱা এবছৰে সুশান্তে প্ৰতিষ্ঠা কৰা ফ্ৰণ্ট ইণ্ডিয়া ফ’ৰ ৱৰ্ল্ড ফাউণ্ডেশ্যন আৰু বিবিড্ৰেজ ৰীয়ালিটিক্স প্ৰাইভেট লিমিটেডৰ নামৰ দুটা প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে কৰ্মৰত হৈ আছে।