NORTHEAST NOW (Assamese)
Popular Stories

চি বি আইক প্ৰদান কৰা হ’ল সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2020 1:29 pm
Sushant-Singh-Rhea-Chakraborty

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি বিহাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত চলি থকা সংঘাতৰ অৱসান ঘটাই আজি উচ্চতম ন্যায়ালয়ে গোচৰৰ তদন্ত চি বি আইক প্ৰদান কৰে।

ইমান দিনে মহাৰাষ্ট্ৰ আৰক্ষীয়ে চলাই থকা এই গোচৰটোৰ সকলো তথ্য চি বি আইক অৰ্পণ কৰিবলৈও আজি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে।

সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তিৰ বিৰুদ্ধে পাটনাত দাখিল কৰা গোচৰটো মুম্বাইলৈ ট্ৰেন্সফাৰৰ বাবে ৰিয়াই কৰা আবেদন খাৰিজ কৰি আজি গোচৰৰ দায়িত্ব চি বি আইক প্ৰদান কৰে।

ইফালে উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক লৈ মহাৰাষ্ট্র চৰকাৰে ৰিভিউ পিটিচন দাখিল কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

আজি উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সদৰি কৰি কয় ‍‘সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত এতিয়া চি বি আইয়ে কৰিব। পাটনাত যি এফ আই আৰ দাখিল কৰা হৈছে সেয়া আইনসন্মত’।

এই সিদ্ধান্তৰ পিছত মহাৰাষ্ট্র চৰকাৰৰ অধিবক্তাই কয় যে ‍আমি এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাম। এই সন্দৰ্ভত ন্যায়ালয়ে কয় যে এয়া ৩৫ পৃষ্ঠাৰ সিদ্ধান্ত। প্ৰথমে আপুনি এইখন পঢ়ক। আমি সকলো অধ্যয়ন কৰাৰ পিছতহে সিদ্ধান্ত শুনাইছো।

উচ্চতম ন্যায়ালয়ে কয় যে নীতিশ চৰকাৰে এই গোচৰৰ বাবে যি চি বি আই তদন্ত বিচাৰিছিল সেয়া সঠিক আছিল। আৰু এতিয়া চি বি আইক সম্পূৰ্ণ সহযোগ কৰিব লাগিব মহাৰাষ্ট্র চৰকাৰে।

ইয়াৰ উপৰি সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত চি বি আইক কোনো ৰাজ্যৰ আৰক্ষীয়ে হস্তক্ষেপ কৰিব নোৱাৰে বুলিও উল্লেখ কৰে।

আনহাতে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ লোকে আন্তৰিকতাৰে আদৰণি জনাইছে।