NORTHEAST NOW (Assamese)

জীৱন্ত অৱস্থাতে সুশান্তক ভাবুকি দিছিল ৰীয়াই : ফেব্ৰুৱাৰীতে জনোৱা হৈছিল মুম্বাই আৰক্ষীক

July 29, 2020 8:24 pm · এন ই নাও নিউজ
Updated: July 29, 2020 8:32 pm

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই জোঁকাৰি যোৱা কম্পন বলিউদত এতিয়াও মাৰ যোৱাই নাই।

এইবাৰ সুশান্ত সিং ৰাজপুতৰ চৰ্চিত প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীয়ে সুশান্ত সিং ৰাজপুতক জীৱন্ত অৱস্থাতে ভাবুকি দিছিল বুলি অভিযোগ উত্থাপন কৰিছে ৰাজপুতৰ অধিবক্তাই।

আনকি অধিবক্তা গৰাকীয়ে এই সম্দৰ্ভত মুম্বাই আৰক্ষীক যোৱা ২৫ ফেব্ৰুৱাৰীতে জনোৱা হৈছিল বুলি জনাইছে ৰাষ্ট্ৰীয় স্তৰৰ এক সংবাদ প্ৰতিষ্ঠানক।

ইণ্ডিয়া টুডে-এ বাতৰি অনুসৰি সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ অধিবক্তাই ৰীয়া চক্ৰৱৰ্তীৰ পৰা সুশান্তৰ জীৱনলৈ অহা ভাবুকি বিৰুদ্ধে ব্যৱস্থা ল’বলৈ বান্দ্ৰা আৰক্ষীক অনুৰোধ জনাইছিল।

“২৫ ফেব্ৰুৱাৰীতে আমি বান্দ্ৰা আৰক্ষীক সুশান্তৰ জীৱনলৈ অহা ভাবুকি সম্পৰ্কে অৱগত কৰি ব্যৱস্থা ল’বলৈ জনোৱা হৈছিল। আৰু সেয়া ঘটিছিল তেওঁ ৰীয়া চক্ৰৱৰ্তীৰ লগত থাকোতে।” জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে কয়।

অধিবক্তা গৰাকীয়ে আৰু কয় যে আৰক্ষীয়ে তেতিয়া কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে।

ইফালে অধিবক্তা গৰাকীয়ে অভিযোগ কৰি কয় যে বিহাৰ আৰক্ষীয়েও ঘটনা সন্দৰ্ভত এজাহাৰ গ্ৰহণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল। কিন্তু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হস্তক্ষেপত তেওঁলোকে সেয়া ৰুজু কৰে।

অধিবক্তা গৰাকীয়ে লগতে কয় যে, সত্য উদঘাটন কৰিবলৈ অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে নিজৰ জিম্মা ৰাখি জেৰা কৰা উচিত।

ৰীয়াই সুশান্তক পৰিয়ালৰ পৰা দূৰ কৰিবলৈও চেষ্টা কৰিছিল বুলি অভিযোগ কৰিছে অধিবক্তা গৰাকীয়ে।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ পিতৃ কে কে ৰাজপুতে মঙলবাৰে ৰীয়া চক্ৰৱৰ্তী বিৰুদ্ধে সুশান্ত সিং ৰাজপুতৰ বেংক একাউন্টৰ পৰা  ১৫ কোটি টকা কোনো অজ্ঞাত ব্যক্তিলৈ ট্ৰেঞ্চফাৰ কৰা বুলি অভিযোগ কৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

Related News