NORTHEAST NOW (Assamese)
উত্তৰ-পূব

স্ব-ঘোষিত ত্বিপ্ৰা ৰাজ্যৰ হকে কৰ সংগ্ৰহ অভিযান এনএলএফটিৰ

Posted by: পিনাকী দাস September 4, 2018 5:01 pm
NLFT-570x320

সন্দেহজনক নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অব ত্বিপ্ৰাই (National Liberation Front of Twipra  চমুকৈ NLFT) ৩খন পঞ্চায়তলৈ ধনদাবীৰ জাননী প্ৰেৰণ কৰিছে। এই পঞ্চায়তকেইখন ত্ৰিপুৰাৰ ধালাই জিলাৰ ৰাইশ্যাবাৰী খণ্ডৰ অন্তৰ্গত।

এই জাননীকেইখন ত্বিপ্ৰা ৰাজ্য চৰকাৰৰ এনএলএফটিৰ কৰ বিভাগৰ পেডত প্ৰেৰণ কৰা হৈছে। এনএলএফটিয়ে ধন বিচাৰি জাননী প্ৰেৰণ কৰা পঞ্চায়তকেইখন হৈছে বোৱালখালি, পূৰ্ব আৰু ৰাইমা পঞ্চায়ত।

এনএলএফটিয়ে প্ৰতিঘৰ বাসিন্দাৰ পৰা ভূমিকৰ হিচাপে ২০০ টকা আৰু গৃহকৰ হিচাপে ৩০০ টকা দাবী কৰিছে। তাৰোপৰি, ব্যৱসয় আৰু কৰ্পোৰে’ট হাউছসমূহে ২শতাংশ কৰ দিব লাগিব।

পৰিবহণৰ বাবে ব্যৱহাৰ কৰা যান-বাহনৰ পৰা সংগঠনটোৱে বছৰি ১০,০০০ টকা কৰ আৰোপ কৰিছে।

তাৰেপৰি, চৰকাৰী কৰ্মচৰীসকলে তেওঁলোকৰ ভিত্তি দৰমহাৰ (basic salaries) ৩% দিব লাগিব।