NORTHEAST NOW (Assamese)

বিধেয়ক বাতিল আৰু চুতীয়া জাতিৰ জনজাতিকৰণৰ দাবীত বোকাখাতত প্রতিবাদ

February 3, 2019 9:46 pm · উত্তম শইকীয়া

নাগৰিকত্ব সংশোধনী বিধায়ক বাতিলৰ দাবীৰ লগতে চুতীয়া জাতিক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ নামত চৰকাৰে কৰা ভেঙুচালিৰ প্ৰতিবাদত আজি বোকাখাতত চুতীয়া জাতি ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।

চুতীয়া জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী সদস্যই বোকাখাত চাৰিআলিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু চুতীয়া জাতিক জনজাতিকৰণৰ দাবীত কৰা এই প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ।

প্ৰতিবাদকাৰীসকলে বিজেপি হায় হায়, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱালৰ কাম নাই ধ্বনিৰে বোকাখাতৰ পৰিবেশ উত্তাল কৰি তোলে। চৰকাৰে যদি নাগৰিকত্ব বিধেয়ক বাতিল তথা চুতীয়া জাতিক অনুসুচীভূক্ত নকৰে তেন্তে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি বোকাখাত জিলা সমিতিয়ে হুংকাৰ দিয়ে ৷

Related News