NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বিশ্বনাথত চহিদ পৰিয়ালে ওভটালে ‘সন্মান’

Posted by: কাজি জেইদুল ইছলাম January 30, 2019 3:02 pm
Biswanath Swahid Family

বাংলাদেশীৰ আক্ৰমণত নিহত স্বামীৰ বেদনা সহিব নোৱাৰি লখিমপুৰৰ বঙালমৰা এৰি অহা পুণেশ্বৰী হাজৰিকাই আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ওভতাই দিলে স্বামী সোমেশ্বৰ হাজৰিকাৰ চহিদ পৰিচয় পত্ৰ।

জেষ্ঠ পুত্ৰ নিৰঞ্জন হাজৰিকাসহ চহিদ পৰিয়ালটোৱে বিশ্বনাথ জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি উক্ত পৰিচয় পত্ৰৰ লগতে সৰ্বানন্দ চৰকাৰে সন্মান জনোৱা গামোছাখনো ওভটাই দিয়ে।

স্বাৰ্থহীনভাৱে চহিদৰ সন্তান নিৰঞ্জন হাজৰিকা আৰু পত্নী পুণেশ্বৰী হাজৰিকাই দোহাৰিলে যে চহিদ পিতৃ অথবা স্বামীৰ ত্যাগক অৱমাননা কৰা নাগৰিকত্ব সংশোধনী বিলৰ সপক্ষে নাই পৰিয়ালটো।

চহিদ পৰিয়াল সকলক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে প্ৰদান কৰা এই সন্মান সমূহ পুনৰ চৰকাৰক ওভতাই দি তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। কিন্তু ইমানৰ পিছতো সৰ্বানন্দ সোণোৱাল চৰকাৰখনে বিধেয়কখনৰ বাতিল কৰাৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰাতোহে লক্ষ্যণীয়।