NORTHEAST NOW (Assamese)
অসম

মাস্ক নিপিন্ধা মহিলাক কি গতি কৰিলে এটা ৰাজহাঁহে, চাওঁক হৃদয়স্পৰ্শী ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 14, 2020 10:46 am
mask

ক’ৰ’ণা ভাইৰাছে সৃষ্টি কৰিব পৰা বিষম পৰিস্থিতিৰ বিষয়ে মুঠেও ভাবি নোচোৱা একাংশ লোকৰ বাবে এতিয়া মাস্ক খন হৈ পৰিছে আপদৰ সামগ্ৰী।

সেয়ে বহতে মাস্ক পৰিধান নকৰাকৈয়ে বজাৰ –সমাৰ কৰিছে,বাছত যাত্ৰা কৰিছে,জন সমাগমৰ মাজত ঘণ্টাৰ পিছত ঘণ্টা সময় কটাইছে।

https://twitter.com/anthonysarti11/status/1304077783266734081?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1304077783266734081%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fwww.ndtv.com%2Foffbeat%2Fswan-forces-woman-to-wear-a-mask-properly-in-viral-video-2294930

মাস্ক পৰিধান কৰিবলৈ অনীহা প্ৰকাশ কৰা এগৰাকী মহিলাক কিদৰে এটা ৰাজহাঁহে মাস্ক পিন্ধিবলৈ বাধ্য কৰোৱাইছে তাৰ এটা ভিডিঅ’ এতিয়া বিশ্বজুৰি ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টো ফ্ৰাম্সৰ যদিও মহিলা গৰাকীয়ে কৰাৰ দৰেই কাৰ্য আমাৰ দেশ তথা ৰাজ্যতো বহুতে  কৰি আহিছে।

ফলত বিপদ বাঢ়িছে নিজৰ লগতে আনৰো।

যি কি নহওক,ফ্ৰান্সৰ এই মহিলা গৰাকীয়ে তেওঁৰ মাস্ক খন মুখত পিন্ধি থকাৰ সলনি ডিঙিত ওলোমাই লৈ আছিল।

এই কথা যেন সহ্য নহ’ল কাষতে থকা এটা ৰাজহাঁহৰ।

ৰাজহাঁহটোৱে সেয়ে মহিলাগৰাকীৰ কাষলৈ আহি মহিলাগৰাকীৰ ডিঙিত ওলমি থকা মাস্ক খন ঠোঁটেৰে টানি মুখত পিন্ধাই দিছে।

এই ভিডিঅ’ এতিয়ালৈকে বিশ্বৰ ২৫.৬ নিযুত লোকে চাইছে।

ক’ৰ’ণাৰ বিষয়ে একো নজনা কৈয়ে ৰাজহাঁহটোৱে কৰা কামে মাস্ক পিন্ধিবলৈ মানুহক উৎসাহিত কৰিব বুলি বহুতে মন্তব্য কৰিছে।