NORTHEAST NOW (Assamese)
অসম

হৰেন্দ্ৰনাথ বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰিব স্বপন দাসগুপ্তাই

Posted by: অনিৰ্বাণ পাঠক August 29, 2018 10:05 pm
hn baruwa

অসমৰ সংবাদক্ষেত্ৰৰ অগ্ৰণী পুৰুষ, মুক্তিযোদ্ধা, অসম প্ৰাণ হৰেন্দ্ৰনাথ বৰুৱাৰ ৩১সংখ্যক মৃত্যু বাৰ্ষিকীত স্মাৰক বক্তৃতা প্ৰদান কৰিব ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক স্বপন দাসগুপ্তই।

স্মাৰক বক্তৃতাটোৰ এইবাৰৰ বিষয় ‘Assam’s problems are India’s problems’, জনাইছে হৰেন্দ্ৰনাথ বৰুৱা স্মৃতি ন্যাসৰ সাধাৰণ সম্পাদক হৃষীকেশ গোস্বামীয়ে।

অহা ৩১ আগষ্টত গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত সভাপতিত্ব কৰিব বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই।

উক্ত অনুষ্ঠানতেই ‘দি আছাম ট্ৰিবিউন’ গোষ্ঠীৰ স্বত্বাধিকাৰ প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু ‘সাদিন-প্ৰতিদিন’ গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাকো সম্বৰ্ধনা জনোৱা হ’ব।

১৯০৮ চনত গোলাঘাটত জন্ম গ্ৰহণ কৰা অসমৰ সংবাদ জগতৰ পুৰোধা ব্যক্তি হৰেন্দ্ৰ নাথ বৰুৱাৰ ৭৯ বছৰ বয়সত ১৯৮৭ চনত মৃত্যু হৈছিল।

প্ৰযাত বৰুৱাই গোৱালপাৰা জিলাক পশ্চিম বংগৰ সৈতে চামিল কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছিল।

বিদেশী অনুপ্ৰৱেশৰ বিৰুদ্ধেও হাতত কলম তুলি লোৱা বৰুৱাই অসমত বিশ্ববিদ্যালয় আৰু তেল শোধনাগাৰ স্থাপনৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লৈছিল।