NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ বনকৰ্মীৰ মাজত টি-চাৰ্ট আৰু টুপী বিতৰণ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 27, 2019 4:46 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পেৰিয়াৰ স্বামী শিৱ কুমাৰ আৰু বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াৰ উদ্যোগত শুকুৰবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনকৰ্মী সকলক একোটাকৈ টি চাৰ্ট আৰু টুপী প্ৰদান কৰা হয়।

এই উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ ডোঙ্গা বন শিৱিৰত আয়োজিত এক বিশেষ অনুষ্ঠানত সঞ্চালক গৰাকীয়ে বনকৰ্মী সকলক এই সামগ্ৰীসমূহ প্ৰদান কৰে।

বনকৰ্মীৰ হাতত সামগ্ৰীসমূহ প্ৰদান কৰি সঞ্চালক গৰাকীয়ে অতি শীঘ্ৰেই অসুবিধাৰ সন্মুখীন হোৱা বনশিৱিৰবোৰত উচ্চ শক্তি সম্পন্ন বেটাৰী আৰু খোৱা পানীৰ বিহিত ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে।

অনুষ্ঠানত বেচৰকাৰী সংগঠন আৰণ্যকৰ সচিব প্ৰধান বিভৱ কুমাৰ তালুকদাৰ, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ ৰথীন বৰ্মন, গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, কাজিৰঙা ৰেঞ্জৰ বনাঞ্চলিক বিষয়া চেলিম আহমেদ আৰু বাগৰি ৰেঞ্জৰ বনাঞ্চলিক বিষয়া পঙ্কজ বৰা উপস্থিত থাকে।

অনুষ্ঠান উপস্থিত বনকৰ্মী সকলৰ সৈতে বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াই বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰাৰ লগতে বনাঞ্চলত কৰ্তব্য পালনত ল’ব লগা বিশেষ সতৰ্কতাৰ বিষয়েও পৰামৰ্শ আগবঢ়ায়।