NORTHEAST NOW (Assamese)

ক’ৰ পৰা ধন আহে তবলিগি জামাতলৈ, দেশৰ ১৯ স্থানত এনফ’ৰ্চমেণ্টৰ তালাচী

August 19, 2020 6:18 pm · এন ই নাও নিউজ

দেশত ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা দক্ষিণ দিল্লীৰ মাৰ্কাজুল বাংলেৱালী মছজিদৰ জামাতে সকলোৰে দৃষ্টি কাঢ়িছিল।

তবলিগি জামাতলৈ বিশ্বৰ বিভিন্ন দেশৰ পৰা অবৈধ ভাৱে ধনৰ সৰৱৰাহ হৈ থকা বুলি সন্দেহ ওপজাৰ পিছতে চলিত বৰ্ষৰ মাৰ্চ মাহত এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে এটা গোচৰ ৰুজু কৰিছিল।

উক্ত গোচৰ সন্দৰ্ভতে এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে আদি দেশৰ বিভিল্ল প্ৰান্তত তালাচী চলায়।

এনফ’ৰ্চমেণ্টৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি দিল্লীৰ ৭টা,মুম্বাইৰ ৫টা,হায়দৰাবাদৰ ৪টা আৰু কেৰালাৰ ৩টা স্থানত তালাচী চলায়।

তালাচীৰ সময়ত এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে কি পালে সেয়া এতিয়া লৈকে সদৰী কৰা নাই।

অভিযানকাৰীৰ দলে জামাতৰ মুৰব্বী মৌলানা চাদৰ বাসভৱনতো তালাচী চলায়। চৰকাৰী নীতি উলংঘা কৰি তবলিগ অনুষ্ঠিত কৰাৰ বাবে মাৰ্চ মাহতে দিল্লী আৰক্ষীয়ে জামাতৰ মুৰব্বী মৌলানা চাদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

তেতিয়াৰে পৰাই চাদ পলাতক হৈ আছিল। চাদে নীতি বৰ্হিভূতভাৱে বিদেশৰ কমেও কুৰি খন দেশৰ পৰা ধন সংগ্ৰহ কৰিছিল।

চৰকাৰী নীতি উলংঘা কৰি অনুষ্ঠিত কৰা তবলিগত বিদেশৰ বহু লোকে অংশ লৈছিল আৰু ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো তেওঁলোকে ভাৰততে আছিল।সেই অনুষ্ঠানৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তত ক’ৰ’ণা ভাইৰাছ বিয়পি পৰিছিল।

Related News