NORTHEAST NOW (Assamese)
অসম

এইবাৰ সোণোৱাল-হিমন্ত-মহনৰ প্ৰতীকী শৱদেহ লৈ প্ৰতিবাদত তাই আহোম যুৱ পৰিষদ

Posted by: পাৰ্শ্বজ্যোতি গগৈ January 25, 2019 4:47 pm
Citizenship Bill

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ অসমজুৰি চলি থকা ধাৰাৱাহিক প্ৰতিবাদৰ মাজতে শুকুৰবাৰে মাহমৰাত মুখ্য মন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব আৰু স্থানীয় বিধায়ক যোগেন মহনৰ প্ৰতীকী শৱদেহ লৈ প্ৰতিবাদত বহে তাই আহোম যুৱ পৰিষদ।

বিজেপি নেতাকেইজনৰ প্ৰতীকী শৱদেহ লৈ চৰাইদেউ জিলাৰ মাহমৰাৰ কাকতীবাৰী তিনিআলিত বিধেয়কখনৰ বিৰুদ্ধে পথ অৱৰোধ কৰে তাই আহোম সংগঠনটোৱে।

তাই আহোম যুৱ পৰিষদ অসম, মাহমৰা আঞ্চলিক সমিতিৰ আহ্বানত প্ৰতিবাদত বিধেয়ক বাতিলৰ লগতে অঞ্চলটোৰ ৰাস্তা-ঘাট নিৰ্মাণৰ বাবেও স্থানীয় ৰাইজে দাবী জনায়।

পথ অৱৰোধ কাৰ্যসূচীটোৰ ফলত দুঘণ্টাৰ বাবে সম্পূৰ্ণ বন্ধ হৈ পৰে সোণাৰি-কাকতিবাৰী-ভজো সংযোগী পথ।

প্ৰতিবাদত বৃহত্তৰ মাহমৰাবাসী ৰাইজৰ লগতে লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আহোম জাতীয় গণ মঞ্চ, সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আটছা, টাই আহোম মহিলা পৰিষদ আদি বহুকেইটা সংগঠনে সহযোগ কৰে।