NORTHEAST NOW (Assamese)
অসম

তালিবান মানেই ‘নিষিদ্ধ ফতোৱা’ৰ দণ্ডধাৰী! এইবাৰ নাপিতক দাড়ি খুৰোৱাৰ পৰা কৰিলে বাৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী September 27, 2021 10:36 am
WhatsApp Image 2021-09-27 at 10.05.47 AM

Taliban, আফগানিস্তানৰ হেলমাণ্ড প্ৰদেশত তালিবানে নাপিতসকলক তেওঁলোকৰ চেলুনত দাড়ি খুৰোৱা আৰু সংগীত বজোৱাটো নিষিদ্ধ কৰিলে।

তালিবান আৰক্ষীয়ে কয় যে কোনোৱে এই নিয়ম ভংগ কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব।

সংবাদমাধ্যমৰ বাতৰি অনুসৰি, ৰাজধানী কাবুলতো একে ধৰণৰ নিৰ্দেশ দিয়া হৈছে।

বাতৰি অনুসৰি ইছলামিক অৰিয়েন্টেশ্যন মন্ত্ৰ্যালয়ৰ বিষয়াসকলে প্ৰাদেশিক ৰাজধানী লস্কৰ গাহত চুলিকটা চেলুনৰ গৰাকীসকলৰ প্ৰতিনিধিৰ সৈতে হোৱা এক বৈঠকত চুলিৰ ধূন মৰা আৰু দাড়ি খুৰোৱাৰ বিৰুদ্ধে পৰামৰ্শ দিয়া হয়।

ছচিয়েল মিডিয়াত প্ৰকাশ কৰা নিৰ্দেশতো চেলুনৰ চৌহদত সংগীত নবজোৱাৰ অনুৰোধৰ বিষয়টো সদৰী হৈছে।

Also read : চাঞ্চল্যকৰ খৱৰ! তালিবান নেতা বৰাদৰক বন্দী কৰি ৰাখিছে হাক্কানিয়ে; আখুন্দাজাদাৰ মৃত্যু হৈছে

তালিবানে পুনৰ দমনীয় আইন তথা কঠোৰ নীতিসমূহ প্ৰয়োগৰ বাবে উঠিপৰি লাগিছে।

আফগানিস্তানত ১৯৯৬-২০০১লৈ ইছলামিক শ্বৰিয়া আইনৰ তেওঁলোকে প্ৰয়োগ কৰা নিয়মসমূহ দাঙি ধৰা সেই আইন পুনৰ প্ৰয়োগ কৰিবলৈ লৈছে।