NORTHEAST NOW (Assamese)
দেশ

দিল্লীত উপস্থিত তালিবানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকী : উষ্ম আদৰণি ভাৰত চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 9, 2025 7:09 pm

বৃহস্পতিবাৰে দিল্লীত উপস্থিত হয় আফগানিস্তানৰ তালিবান চৰকাৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকী। এই তথ্য সদৰী কৰিছে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে।

ৰনধীৰ জয়ছৱালে টুইটাৰত লিখিছে, “আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীক নতুন দিল্লীলৈ স্বাগতম। আমি তেওঁৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ আগ্ৰহী।”

উল্লেখ্য যে ২০২১ চনত তালিবানে ক্ষমতা দখল কৰাৰ পিছত দেশখনৰ বৈদেশিক মন্ত্ৰীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।

ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে যোৱা ৩ অক্টোবৰত উল্লেখ কৰিছিল যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ কমিটীয়ে মুত্তাকীক ভাৰত ভ্ৰমণৰ অনুমতি প্ৰদান কৰিছে।