NORTHEAST NOW (Assamese)

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনলৈ বোমাৰ ভাবুকি; কেইবাগৰাকী চলচ্চিত্ৰ তাৰকাকো সকীয়নি

November 17, 2025 11:14 am · এন ই নাও নিউজ, গুৱাহাটী

তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে। দেওবাৰে নিশা দক্ষিণ ভাৰতৰ ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি হয়। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ লগতে দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ অজিত কুমাৰ, অৰৱিন্দ স্বামী আৰু খুছবুৱে বোমাৰ ভাবুকি লাভ কৰিছে বুলি সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰিছে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু আনসকলক বোমা বিস্ফোৰণৰ ভাবুকি প্ৰেৰণ কৰা হৈছে ইমেইলৰ জৰিয়তে। এই ইমেইলটো তামিলনাডুৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

ইয়াৰ পিছতে প্ৰশাসনে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে। যোৱা সপ্তাহত অজিত কুমাৰৰ ঘৰলৈ বোমাৰ ভাবুকি প্ৰেৰণ কৰা হৈছিল।

বোমা বিস্ফোৰণৰ ভাবুকি দিয়া অঞ্চলটোবোৰত আৰক্ষীয়ে তালাচী চলায়। কোনো বিস্ফোৰক উদ্ধাৰ হোৱা নাই। এই ভাবুকিমূলক ইমেইল কোনে প্ৰেৰণ কৰিছে সেই কথা আৰক্ষীয়ে প্ৰকাশ কৰা নাই। আৰক্ষীয়ে মাথোঁ কয় যে ভাবুকি পোৱাৰ লগে লগে তেওঁলোকে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিছে। চলচ্চিত্ৰ তাৰকাসকলৰ ঘৰত তালাচী চলাইও একো পোৱা নগ’ল। সমগ্ৰ বিষয়টো ভুৱা বুলি আৰক্ষীয়ে জনাইছে।

অজিত কুমাৰৰ দৰে অভিনেতা অৰুণ বিজয়ৰ ঘৰতো বোমা আক্ৰমণৰ ভাবুকি দিয়া হৈছিল। কিছুদিন পূৰ্বে ডিজিপিৰ কাৰ্যালয়ে এই ভাবুকি দিয়া ইমেইলটো লাভ কৰিছিল। সেইবাৰো আৰক্ষীয়ে এই ভাবুকি ভুৱা বুলি কৈছিল।

Related News