NORTHEAST NOW (Assamese)
দেশ

বিপদত তামিলনাডুৰ লটাৰী সম্রাট : ৰাজনৈতিক দলক সৰ্বাধিক চান্দা দিয়া মাৰ্টিনৰ ঘৰত ইডি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 15, 2024 9:37 pm
বিপদত তামিলনাডুৰ লটাৰী সম্রাট : ৰাজনৈতিক দলক সৰ্বাধিক চান্দা দিয়া মাৰ্টিনৰ ঘৰত ইডি

এই ইডিৰ অভিযান চলিছে ছেন্টিয়াগো মার্টিনৰ বাসগৃহত। তামিলনাডুৰ লটাৰী সম্রাট হিচাপে পৰিচিত ছেন্টিয়াগো মার্টিনে দীৰ্ঘদিনৰ পৰা ৰাজনৈতিক দলক কোটি কোটি টকাৰ চান্দা দি আহিছে।

উল্লেখ্য যে যোৱা বছৰ ই ডিয়ে মার্টিনৰ ৪৫০ কোটি টকা মূল্যৰ সম্পত্তি জব্দ কৰিছিল।

এইবাৰ পুনৰ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ধনৰ অবৈধ লেনদেন গোচৰত কেন্দ্ৰীয় সংস্থা ই ডিয়ে অভিযান চলাইছে মাৰ্টিনৰ বাসগৃহত।

আজি ই ডিয়ে চেন্নাইকে ধৰি বিভিন্ন স্থানত থকা মার্টিনৰ বিভিন্ন কাৰ্যালয় আৰু ঘৰত তালাচী চলায়।

জানিব পৰা মতে, তামিলনাডু আৰক্ষীয়ে ইতিমধ্যে ধনৰ অবৈধ লেনদেন গোচৰত মার্টিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে উচ্চ্তম ন্যায়ালয়ৰ নিৰ্দেশত নির্বাচন আয়োগে ৰাজহুৱা কৰা তথ্য অনুসৰি মার্টিনে প্রায় ১,৩০০ কোটি টকাৰ ইলেক্টৰেল বণ্ড ক্ৰয় কৰিছিল।

কেৰালাত মাৰ্টিনে কৰা লটাৰীৰ কেলেংকাৰীত ছিকিম চৰকাৰৰ প্রায় ৯০০ কোটি টকা লোকচান হোৱা বুলি অভিযোগ উত্থাপন হৈছে।