NORTHEAST NOW (Assamese)
Popular Stories

ছিংগাপুৰত তথ্য প্ৰমাণ নষ্ট কৰাত ব্যস্ত তন্ময় ফুকন এণ্ড কোম্পানী!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 25, 2025 7:42 pm

ছিংগাপুৰত জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দি তথ্য প্ৰমাণ নষ্ট কৰাত ব্যস্ত তন্ময় ফুকনবাহিনী। ওঠৰ ছেপ্টেম্বৰৰ নিশা জুবিনক শোৱাৰ সুযোগ নিদিয়া দলটোত আছিল কেইবাজনো অভিযুক্ত। পুৱাতে জুবিনক বিয়েৰ পান কৰোৱাই ৰং চাইছিল প্ৰবাসী অসমীয়াৰ দলটোৱে। যাৰ নেতৃত্বত আছিল তন্ময় ফুকন। লাইফ জেকেট নিপিন্ধাকৈ সাগৰত নমা জুবিনক উদ্দেশ্যি উন্মাদৰ দৰে আট্টহাস্য কৰিছিল প্ৰবাসী অসমীয়াৰ দলটোৱে।

তন্ময় ফুকনৰ লগত আছিল অভিমন্যু তালুকদাৰ, দেৱজিৎ হাজৰিকা, সিদ্ধাৰ্থ বৰা, ৰিপকমল শইকীয়া, সুদীপ চেটাৰ্জী, ৱাজিদ আহমেদ আৰু পৰীক্ষিত শৰ্মাৰ লগতে আন বহুজন। তাৰে কেইবাজনৰো ম’বাইলত বন্দী হৈ আছে জুবিনৰ অন্তিম মুহূৰ্তৰ বহু দৃশ্য। কিন্তু সেই দৃশ্য ৰাজহুৱা নকৰি দলটোৱে প্ৰেৰণ কৰিছে জুবিন বিৰোধী এটা চক্ৰক, যি চক্ৰই সম্পাদনা কৰি আধা-আধাকৈ ছচিয়েল মিডিয়াত মুকলি কৰিছে ৫টা ভিডিঅ’।

জুবিনৰ ৰহস্যজনক মৃত্যুৰ তদন্তত বিঘিনি ঘটনাইছে এই দলটোৱে। ঠাৱৰ কৰা হৈছে যে সম্ভৱত নষ্ট কৰি পেলাইছে য়টৰ দৃশ্য বন্দী কৰা ম‘বাইল। কিন্তু ইয়াৰ মাজতে প্ৰশ্ন হয়, ৭ দিনে গুৱাহাটীত মুক্তভাৱে ঘূৰি ফুৰা অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ কাষ নচপা অসম আৰক্ষীয়ে ঢুকি পাবনে ছিংগাপুৰৰ এই দলটোক? বাতিল কৰিবলৈ হেঁচা দিব পাৰিবনে তন্ময় ফুকন বাহিনীৰ পাৰপত্ৰ? ভিছা বাতিলৰ বাবে ছিংগাপুৰ চৰকাৰলৈ আৱেদন জনোৱাৰ কথা চিন্তা কৰিবনে অসম আৰক্ষীয়ে? ছিংগাপুৰৰ পৰা অসমলৈ আনি জেৰা চলাব পাৰিবনে ৰুগীয়া জুবিনক লৈ য়ট পাৰ্টীত বন্য উল্লাস কৰা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াৰ দলটোক?