NORTHEAST NOW (Assamese)

আলফা স্বাধীনত যোগদান সন্দৰ্ভত ফেচবুক পোষ্ট : তামুলপুৰত গ্ৰেপ্তাৰ যুৱক 

December 23, 2023 6:24 pm · এন ই নাও নিউজ, গুৱাহাটী

তামুলপুৰৰ এজন যুৱকে নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা (স্বাধীন)ৰ সপক্ষে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ অভিযোগত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

প্ৰাৰম্ভিক বাতৰি অনুসৰি যুৱকজনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত দিয়া পোষ্টটোত নিষিদ্ধ সংগঠনটোত যোগদান কৰাৰ উদ্দেশ্য প্ৰকাশ কৰিছে।

ধৃত যুৱকজন তামুলপুৰ জিলাৰ বিজুমনি ৰাভা বুলি জানিব পৰা গৈছে।

ইফালে, যুৱকজনৰ লগত সংগঠনটোৰ টেলিফোনিকভাৱে হোৱা কথা-বতৰাৰ প্ৰমাণ আৰক্ষীয়ে লাভ কৰা বুলিও চৰ্চালৈ আহিছে।

জানিব পৰা মতে, যুৱকজনক আৰক্ষীয়ে তিনিদিনৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।

Related News