NORTHEAST NOW (Assamese)
অসম

কলাইগাঁও সদৃশ পৰিবেশ পুৰণিগুদামত; ভণ্ড তান্ত্ৰিকৰ আক্ৰমণত দুজন লোক আহত

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা October 14, 2019 8:42 am
VideoCapture_20191013-170744

অন্ধবিশ্বাসৰ কবলত পৰি ১৩ অক্টোবৰ অৰ্থাৎ দেওবাৰে নগাঁও জিলাৰ পুৰণিগুদামৰ মুঢ়ানীৰ মিণ্টু চমুৱা নামৰ এজন ভণ্ড তান্ত্ৰিকে অঞ্চলটোত এক অবাঞ্চনীয় পৰিবেশৰ সৃষ্টি কৰে।

দেওবাৰে পুৱাই ভণ্ড সাধক মিন্টু চমুৱাই ওচৰৰে লম্বুদৰ পাঠক নামৰ এজন লোকৰ ঘৰৰ বয়-বস্তু আনি জ্বলাই দি এক প্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰে।

ইয়াৰ উপৰি নিজৰ ঘৰৰ সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে চুবুৰীয়াৰ ঘৰৰ চালৰ টিং আনি অগ্নি সংযোগ কৰে। কু-সংস্কাৰৰ কৰাল গ্ৰাসত পৰা মিণ্টু চমুৱাৰ এনে কাৰ্যক বাধা প্ৰদান কৰিবলৈ যাওতে লম্বুদৰ পাঠকক আক্ৰমণ কৰাৰ লগতে তেওঁৰ পুত্ৰ গগন পাঠককো চুৰিৰে আঘাত হানে।

ভণ্ড সাধকৰ এই উদ্ভণ্ডালিত অতিষ্ঠ হৈ স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি ভণ্ড সাধক গৰাকীক উত্তম-মধ্যম সোধায়।

পাছত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভণ্ড সাধকৰ বন্ধ কোঠাৰ পৰা বিভিন্ন পূজাৰ সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে আৰক্ষীৰ দলটোৱে সাধক মিণ্টু চমুৱাক আটক কৰি লৈ যায়।

উল্লেখ্য যে মিন্টু চমুৱা নামৰ লোকজনে বিভিন্ন সময়ত ঘৰৰ ভিতৰত যাগ-যজ্ঞ কৰি মাতাল হৈ থকাৰ লগতে ওচৰ-চুবুৰীয়াৰ ঘৰতো প্ৰায়ে উদ্ভণ্ডালিৰ সৃষ্টি কৰি আহিছিল।