NORTHEAST NOW (Assamese)
অসম

“কা-বিৰোধী” নায়ক-নায়িকা, গায়ক-গায়িকা বিচাৰি হাবাথুৰি খাইছে তৰুণ গগৈয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 28, 2020 6:46 pm
Zubeen Garg

অসমত খালী হোৱা ৰাজ্যসভাৰ ৩খন আসনৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধীৰ প্ৰাৰ্থীক লৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ জল্পনা-কল্পনা বৃদ্ধি পাই আহিছে।

অহা ২৬ মাৰ্চত তিনিওখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু তাত শাসকীয় মিত্ৰজোঁট ২খন আসনত জয়ী হোৱাটো প্ৰায় নিশ্চিত হৈ আছে।

তৃতীয়খন আসন “ঐক্যবদ্ধ বিৰোধী”য়ে দখল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে এতিয়াও বিৰোধীয়ে এজন উমৈহতীয়া প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা নাই।

কিন্তু অলপতে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে প্ৰাৰ্থিত্বৰ বাবে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ নাম লোৱা বুলি বাতৰি প্ৰকাশ হোৱাৰ পিছত এইবাৰ আন এজন কা-বিৰোধী শিল্পী জুবিন গাৰ্গৰ নাম লোৱা বুলি জানিব পৰা গৈছে।

আনহাতে আজি বোকাখাতত শিল্পী জুবিন গাৰ্গে এই বিষয়ত তেওঁৰ অজ্ঞতা প্ৰকাশ কৰে। লগতে তেওঁৰ ৰাজনীতিৰ প্ৰতি থকা আগ্ৰহহীনতাও প্ৰকাশ কৰে।

“মোৰ ৰাজনীতিৰ প্ৰতি কোনো আগ্ৰহ নাই। কিন্তু ৰাজ্যসভাৰ কথা সুকীয়া। ৰাজ্যসভালৈ বিভিন্ন ৰাজ্যৰ পৰা সুপৰিচিত ব্যক্তিসকলক প্ৰেৰণ কৰা হয়। মই এতিয়া একো নকওঁ। গুৱাহাটী পাই লওঁ”, সংবাদ মাধ্যমৰ আগত জুবিনৰ মন্তব্য।

বৰষাৰাণীৰ পিছতে জুবিনৰ নাম লোৱাত তৰুণ গগৈয়ে কা-বিৰোধী চিনাকি মুখৰ সন্ধানত থকা বুলি অনুমান কৰিব পাৰি।

উল্লেখ কৰিব পাৰি যে যোৱা প্ৰায় দুমাহ ধৰি চলা কা-বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দি আহিছে জুবিন আৰু বৰষাৰাণী বিষয়াই। কৃষক মুক্তি, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে অন্যান্য দল-সংগঠনৰ সমান্তৰালভাৱে অসমৰ শিল্পীসকলেও নেতৃত্ব লৈ আহিছে। এই আন্দোলনত অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু জুবিনে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।