NORTHEAST NOW (Assamese)

লিডুত সমস্যা সমাধানৰ দাবীত চাহ মজদুৰ সংঘৰ অৱস্থান ধৰ্মঘট

December 21, 2020 1:29 pm · মানস প্ৰতিম গগৈ

চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ সমাধানৰ দাবীত আজি পুৱা লিডু চাহবাগিচাত অসম  চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখা আৰু লিডু চাহ  বাগিচাৰ ইউনিট সমিতিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰে ৷

চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ লগতে শ্ৰমিক সকলৰ আবাসগৃহ সমূহ মেৰামতি কৰা, শ্ৰমিক লাইনৰত পৰ্য্যপ্ত পানীৰ ব্যৱস্থা কৰা আদি বিভিন্ন সমস্যাৰ সমাধানৰ  দাবীত শ্ৰমিক কৰ্মচাৰী সকলে লিডু চাহ বাগিচাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মূখত হাতে হাতে বিভিন্ন প্ল-কাৰ্ডলৈ চৰকাৰ বিৰোধী শ্ল-গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

শীঘ্ৰেই শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ স্বাৰ্থত চৰকাৰে পদক্ষেপ গ্ৰহন নকৰিলে আন্দোলন তীব্ৰতৰ হোৱাৰো হুংকাৰ প্ৰদান কৰে ৷

আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰুপেশ গোৱালাৰ লগতে  মাৰ্ঘেৰিটা শাখা সমিতিৰ সম্পাদক হৰিনন্দ গড় ৷

অন্যহাতে আজি মাৰ্ঘেৰিটাৰ  কেইবাখনো চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত অনুৰূপ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি নেতৃত্বাধীন চৰকাখনৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

Related News