NORTHEAST NOW (Assamese)
Popular Stories

জুম ভিডিঅ’ কল বন্ধ কৰিবলৈ পাহৰিলে মহিলা শিক্ষয়িত্ৰীয়ে : তাৰপিছতে ঘটিল অঘটন, কি এই অঘটন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2021 11:36 am
index

এগৰাকী শিক্ষয়িত্ৰীয়ে জুম ভিডিঅ’ কলৰ যোগেদি শিক্ষাৰ্থীক অনলাইন শিক্ষাদান কৰি উঠাৰ পিছতে ঘটিল এক অঘটন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেলিফ’ৰ্ণিয়াৰ পাল্মদাল জিলাৰ এখন স্কুলৰ কিম্বাৰ্লি জনছন নামৰ শ্বেতাংগ মহিলা শিক্ষয়িত্ৰীগৰাকীয়ে ১২ বছৰীয়া এগৰাকী কৃষ্ণাংগ শিক্ষাৰ্থীক জুম ভিডিঅ’ কলৰ যোগেদি শিক্ষা দান কৰি আছিল।

শিক্ষয়িত্ৰীগৰাকীয়ে পাঠ শেষ কৰি জুম কলটো বন্ধ কৰা বুলি ভাবি শিক্ষাৰ্থীগৰাকীৰ কৃষ্ণাংগ পৰিয়ালটোক ৩০ মিনিটৰো অধিক সময় ধৰি বৰ্ণবিদ্বেষী তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰিবলৈ ধৰে।

শিক্ষয়িত্ৰীগৰাকীয়ে কৃষ্ণাংগ শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালটোৰ বিৰুদ্ধে অতি নিকৃষ্টভাৱে বৰ্ণবিদ্বেষী মন্তব্য কৰি গালি-গালাজ কৰা পৰিলক্ষিত হৈছে। যিসমূহ গালি-গালাজ তথা মন্তব্য মান্য ভাষাত প্ৰকাশ কৰিব নোৱাৰি।

কিম্বাৰ্লি নামৰ শ্বেতাংগ শিক্ষয়িত্ৰীগৰাকীয়ে কৃষ্ণাংগ শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালটোক বৰ্ণবিদ্বেষী মন্তব্যৰে কৰা সকলো গালি-গালাজ জুম ভিডিঅ’ কলত ৰেকৰ্ডিং হৈ থাকে।

ঘটনাটো চলিত বৰ্ষৰ জানুৱাৰিৰ মাহতে সংঘটিত হৈছিল যদিও এতিয়াহে পোহৰলৈ আহিছে।

শিক্ষাৰ্থীগৰাকীৰ মাতৃ কাটুৰা ষ্ট’কছে সমগ্ৰ ভিডিঅ’ ৰেকৰ্ডিঙখিনি ৱাশ্বিংটন পোষ্টৰ হাতত অৰ্পণ কৰাৰ পিছতে সমস্ত ঘটনাটো পোহৰলৈ আহিছে।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত কাটুৰা ষ্ট’কছে টেক্সাছ আদালতত অভিযোগ দাখিল কৰিছে।

আনহাতে ঘটনাটো পোহৰলৈ অহাৰ পিছতে ষষ্ঠ গ্ৰেডৰ শ্বেতাংগ শিক্ষয়িত্ৰীগৰাকীক বৰ্ণবিদ্বেষী আচৰণৰ বাবে বিদ্যালয়খনৰ চাকৰি পৰা বৰ্খাস্ত কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই।