NORTHEAST NOW (Assamese)
অসম

এজন শিক্ষকৰ প্ৰচেষ্টাত বিদ্যালয়ৰ ৰূপ পাইছে গাঁৱৰ ভিতৰুৱা পথে

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও September 17, 2021 1:25 pm
Street teacher

 ক’ভিদ মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশত সুদীৰ্ঘ দুবছৰ ধৰি বন্ধ হৈ আছে বিদ্যালয়সমূহ। এনে সময়তে ভাৰতৰ এখন ভিতৰুৱা গাঁৱত এজন শিক্ষকৰ প্ৰচেষ্টাত পথতে স্থাপন হৈছে অস্থায়ী বিদ্যালয়। পথৰ কাষৰ ঘৰৰ বেৰ হৈ পৰিছে শ্ৰেণীকোঠাৰ ব্লেকব’ৰ্ড।

ছাত্ৰ-ছাত্ৰীসকল যাতে শিক্ষা ব্যৱস্থাৰ পৰা ক্ৰমান্বয়ে আঁতৰি নাযায়,তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পথতে শিক্ষা দানৰ ব্যৱস্থা কৰিছে দীপ নাৰায়ণ নায়ক নামৰ শিক্ষকজনে।

‘পথৰ শিক্ষক’ হিচাপে জনপ্ৰিয় হৈ পৰা নায়কে পথৰ কাষৰ এক সৰু মুকলি ঠাইতে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান দিয়াৰ ব্যৱস্থা কৰিছে।

পশ্চিম বংগৰ পশ্চিম বৰ্দ্ধমান জিলাৰ জবা অত্তপৰা নামৰ এখন ভিতৰুৱা গাঁৱত শিক্ষক হিচাপে কৰ্মৰত হৈ আছে দীপ নাৰায়ণ নায়ক।

উল্লেখ্য যে নায়কে যোৱা বছৰৰ পৰাই পথতে পাঠদান চলাই আহিছে।

বিদ্যালয়ৰ প্ৰচলিত পাঠ্যক্ৰমৰ লগতে নায়কে গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক অন্যান্য প্ৰয়োজনীয় শিক্ষাও প্ৰদান কৰে। গাঁৱৰ লোকসকলকো তেওঁ হাত ধোৱা আৰু মাস্ক পৰিধান কৰা,চাফ-চিকুণতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজাই আহিছে।

Latest New:  পুনৰ অশান্ত হোৱাৰ দিশত বড়োভূমি; নতুন সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে মাৰিলে ভুমুকি

নায়কৰ তত্বাৱধানত শিক্ষালাভ কৰি অহা এজন ছাত্ৰৰ পিতৃ কিৰণ তুৰীৰ মতে,গাঁও খনৰ ল’ৰা-ছোৱালীবোৰে এটা সময়ত পঢ়া-শুনাত কোনো গুৰুত্ব দিয়া নাছিল। কিন্তু নায়ক অহাৰ পাছত এই ল’ৰা-খিনিৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তনে দেখা দিছে। এতিয়া সকলোৱে নায়কৰ পাঠদানৰ সময়লৈ আগ্ৰহেৰে ৰৈ থাকে বুলি তুৰীয়ে উল্লেখ কৰে।

স্থানীয় সংবাদসেৱীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত দীপ নাৰায়ণ নায়ক নামৰ শিক্ষকজনে কয়, “মই গাঁৱৰ ল’ৰা-ছোৱালী সমূহক অন্যমনস্কভাৱে কেৱল ঘূৰি ফুৰা,জীৱ-জন্তু চৰোৱা আদিত জড়িত হোৱা দেখিছো। কিন্তু মই তেওঁলোকৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো আৰু তেওঁলোকে যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য দিছো।”