NORTHEAST NOW (Assamese)
অসম

২৪ বছৰ শিক্ষকতা কৰি বিনা বেতনে অৱসৰ শিক্ষক সতীন্দ্ৰ নাথ বৰাৰ : আৱেগিক হৈ পৰিল সতীৰ্থ আৰু ছাত্ৰ-ছাত্ৰী

Posted by: মিণ্টু দাস August 26, 2018 1:25 pm
Retired teacher What's ahead of non-provincialised school teachers in Assam?

বিনা বেতনৰে দীৰ্ঘদিন শিক্ষকতা কৰি চকু পানী টুকি অৱসৰ গ্ৰহণ কৰিলে আকৌ এজন শিক্ষকে। এই দুৰ্ভগীয়া শিক্ষকগৰাকীৰ নাম সতীন্দ্ৰ নাথ বৰা। নগাঁৱৰ চকলাঘাট নিবাসী এই গৰাকী শিক্ষকে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জাজৰি বেলতল মধ্য ইংৰাজী বিদ্যালয়ত ২৪ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি জ্ঞানৰ পোহৰ বিলাই অৱসৰৰ সময়ত নিজে অন্ধকাৰ ভৱিষ্যতৰ সন্মুখীন হ’বলগীয়া হৈছে।

২৪ বছৰীয়া শিক্ষকতাৰ কাৰ্যকালত এদিনৰো চৰকাৰী দৰমহা নোপোৱাকৈ কেইদিনমান পূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষকগৰাকীক শনিবাৰে বিদ্যালয়খনত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাবে বিদায় জনোৱা হয়। সুদা হাতে এগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুক বিদায় দিবলগীয়া হোৱাত সকলো আৱেগিক হৈ পৰে।স্থানীয় ৰাইজে শৰাই, প্ৰশস্তি পত্ৰ, কিতাপৰ টোপোলাৰে শিক্ষকগৰাকীক বিদায় সম্ভাষণ জনায়।

সভাত দিয়া বিদায়ী ভাষণত শিক্ষকগৰাকীয়ে কয়, ‘’চৰকাৰী ধনৰে মোৰ অৱসৰৰ পিচত এটা নিজা ঘৰ বনোৱাৰ সপোন আছিল। কিন্তু সেয়া হৈ নুঠিল। বিনা পেঞ্চনৰে বৃদ্ধ বয়সত মোৰ ৰুগীয়া পত্নী আৰু মোৰ কি হ’ব সেইয়া কি মই নাজানো। কিন্তু চৰকাৰলৈ মোৰ অনুৰোধ মোৰ দৰে দুৰ্ভীয়া শিক্ষকসকলক দীৰ্ঘজীৱন শিক্ষকতাৰ বিনিময়ত অৱসৰৰ পিছত যাতে অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিব নালাগে তাৰ প্ৰতি গুৰুত্ব দিয়ক।‘’

এই বিদায়ী সভাখনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অকন চন্দ্ৰ ডেকা, বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰা প্ৰমুখ্যে শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

উল্লেখ্য যে, জাজৰি বেলতলত ১৯৮৮ চনত বীৰ চিলাৰায় মধ্য ইংৰাজী বিদ্যালয়খন স্থানীয় ৰাইজে প্ৰতিষ্ঠা কৰিছিল। ১৯৯৪ চনত বিদ্যালয়খনে চৰকাৰী স্বীকৃতি লাভ কৰে। বিদ্যালয়খনে ২০১৩ চনত প্ৰাদেশীকৰণ হোৱাৰ পথত আগবাঢ়িছিল যদিও সেই সময়ৰ শাসকীয় কংগ্ৰেছ দলৰ কুটিল ৰাজনীতিৰ বাবে বিদ্যালয়খন প্ৰাদেশীকৰণ নহ’ল। তাৰ ফলত শিক্ষকতাৰ দৰে মহান বৃত্তিত জৰিত হৈয়ো বিদ্যালয়খনৰ শিক্ষকসকলে প্ৰাপ্য লাভ নকৰি পেটত গামোচা বান্ধিব লগীয়া হৈছে।

এই দুৰ্ভগীয়া শিক্ষকসকলৰ প্ৰতি সদয় হোৱাৰ বাবে স্থানীয় ৰাইজে চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছে।