NORTHEAST NOW (Assamese)
অসম

বইটামাৰীত ” জ্ঞান -পখিলী” শীৰ্ষক শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

Posted by: তিলক প্ৰসাদ , চাপৰ Updated by: তিলক প্ৰসাদ , চাপৰ March 20, 2022 6:45 am

নামনি অসমৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত বইটামাৰীত ২৬৮ গৰাকী টেট শিক্ষক – শিক্ষয়িত্ৰীক লৈ পাঁচ দিনীয়া এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু শ্ৰী অৰবিন্দ ছছাইটি পুডুচেৰিৰ সহযোগত আয়োজিত এই অনুষ্ঠান সফলতাৰে সমাপ্তি ঘটিছে। বইটামাৰী গাওঁ পঞ্চায়তৰ সমূহীয়া ভৱন প্ৰাংগনত এই পাঁচ দিনীয়া এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছিল।

এই শিৱিৰত শিক্ষক-শিক্ষয়িত্ৰীসকলক ছাত্ৰ ছাত্ৰীৰ মাজত নেতৃত্ব প্ৰদানৰ ক্ষমতা , ব্যক্তিগত কাৰ্যকুশলতা, সৰ্বাংগীন বিকাশ আদি নানা দিশ সামৰি প্ৰশিক্ষণ প্ৰদান কৰা হয়।

এই অনুষ্ঠানত শ্ৰী অৰবিন্দ ছছাইটি কেবাগৰাকী সমল ব্যক্তি তথা বিষয়া ক্ৰমে চেতনা মেহৰা, মধু ঝা , ৰজনীশ পাণ্ডে , আমানুল হক , জিতু কুমাৰ দাসকে ধৰি খণ্ড প্ৰাথমিক শিক্ষা বিষযা মহৰ আলী , আঁচনি বিষয়া কৰেন বৰ্মন আদি ব্যক্তিসকলে ভাগ লয়।