NORTHEAST NOW (Assamese)
অসম

Teacher’s other professions জীৱন বীমা এজেণ্ট-সাংবাদিকতা কৰিব নোৱাৰিব শিক্ষকে; প্ৰাথমিক-মাধ্যমিক শিক্ষা বিভাগৰ বিশেষ জাননী

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী July 1, 2022 5:08 pm

Guwahati: Teacher’s other professions বীমা (জীৱন বীমা) আৰু সাংবাদিকতা কৰা শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ।

এই ক্ষেত্ৰত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে মাধ্যমিক জিলা পৰ্য্যায়ৰ শিক্ষা বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

মাধ্যমিক শিক্ষা বিভাগে জিলা পৰ্য্যায়ত সংগ্ৰহ কৰিছে বীমা এজেণ্ট আৰু সাংবাদিকতাৰ লগত জৰিত শিক্ষকৰ তালিকা।

অসম অসামৰিক সেৱা আইন ১৯৬৫ ৰ অধীনত এনেকৈ কোনো চৰকাৰী বা প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে বীমা এজেণ্ট নাইবা সাংবাদিকতা ইত্যাদি বৃত্তিত জৰিত হ’ব নোৱাৰিব।


সেয়েহে তাত্ক্ষণিকভাৱে জিলা শিক্ষা বিষয়াক এনেধৰণৰ বীমা এজেণ্ট বা সাংবাদিকতাৰে জৰিত শিক্ষকৰ তালিকা প্ৰস্তুত কৰি প্ৰেৰণ কৰাৰ বাবে পত্ৰযোগে নিৰ্দেশ দিছে।

যোৱা নিশা মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এই নিৰ্দেশ দিয়াৰ পাছতে আজি প্ৰাথমিক শিক্ষা বিভাগে পত্ৰযোগে প্ৰাথমিক শিক্ষা বিষয়ালৈ শিক্ষকৰ তালিকা প্ৰস্তুতৰ বাবে নিৰ্দেশনা দিছে।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱেও কিছুদিন পূৰ্বে কোনো শিক্ষকে বীমা এজেণ্ট বা সাংবাদিকতাত জৰিত থাকিব নোৱাৰিব বুলি সকীয়াই দিছিল।