NORTHEAST NOW (Assamese)
ক্ৰীড়া

২২ গজৰ জগতত ভাৰতৰ আধিপত্য: তিনিওটা ফৰ্মেটৰে শীৰ্ষত উপনীত হৈ ৰচিলে ইতিহাস

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2023 6:38 pm
India become world no.1

সাম্প্ৰতিক ক্ৰিকেট বিশ্বত দপদপনি ভাৰতৰ। অপ্ৰতিৰোধ্য আৰু দুৰন্ত ভাৰতীয় ক্ৰিকেট দলে বিজয়ৰ অশ্বমেধ ঘোঁৰা মেলি দিছে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে। তাৰেই ফলশ্ৰুতিত এতিয়া ২২ গজৰ জগতখনত সৰ্বশক্তিমান ভাৰতীয় দলে তিনিওটা ফৰ্মেটতে আৰোহণ কৰিছে আই চি চি ৰেংকিঙৰ শীৰ্ষস্থানত।

দুৰন্ত প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বত আধিপত্য বিস্তাৰ কৰি ভাৰতে একে সময়তে তিনিওটা ফৰ্মেটতে বিশ্বৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। আইচিচিৰ শেহতীয়া ৰেংকিঙ অনুসৰি টেষ্ট, এদিনীয়া, আৰু টি-২০ত ভাৰতে ক্ৰমে ১৫, ১১৪, আৰু ২৬৭ ৰেটিং পইণ্টেৰে প্ৰথম স্থানত আছে।

এইদৰে একেসময়তে আইচিচিৰ তিনিওটা ফৰ্মেটতে শীৰ্ষস্থান দখল কৰা দ্বিতীয়টো দলত পৰিণত হৈছে ভাৰত। ইয়াৰ পূৰ্বে কেৱল দক্ষিণ আফ্ৰিকাই ২০১৪ চনত এই কৃতিত্ব অৰ্জন কৰিছিল।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত জয়েৰে ভাৰতে শেহতীয়া টেষ্ট ৰেংকিঙত শীৰ্ষস্থানলৈ উন্নীত হয়। টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে টেষ্ট ৰেংকিঙত অষ্ট্ৰেলিয়াই আছিল শীৰ্ষস্থানৰ দল।

কিন্তু নাগপুৰত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ভাৰতে অষ্ট্ৰেলিয়াক এক ইনিংছ আৰু ১৩২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ স্থান দ্বিতীয়লৈ অৱনমিত হয়।

উল্লেখ্য যে, ২০১৪ চনত হাছিম আমলাৰ অধিনায়কত্বত দক্ষিণ আফ্ৰিকাই তিনিওটা ফৰ্মেটতে আইচিচিৰ ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিছিল। ভাৰত এতিয়া দক্ষিণ আফ্ৰিকাৰ পিছত এই বিৰল কৃতিত্ব অৰ্জন কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হৈছে।

সমসাময়িকভাৱে এই কৃতিত্ব অৰ্জন কৰা এছিয়াৰ প্ৰথমটো দল হিচাপেও পৰিগণিত হৈছে ভাৰত।