NORTHEAST NOW (Assamese)
Popular Stories

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2026 12:35 pm
বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

একেৰাহে দুখন টি-২০ ছিৰিজত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলটোৱে জিম্বাবুৱেৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ ছিৰিজ খেলিবলৈ ওলাইছে। সেই অনুসৰি টিম ইণ্ডিয়াই ইতিমধ্যে জিম্বাবুৱেলৈ উৰা মাৰিছে।

অৱশ্যে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক নহয় আন এজন প্ৰশিক্ষককহে জিম্বাবুৱেৰ শৃংখলাৰ দায়িত্ব দিয়া হৈছে। তিনিখন মেচৰ এই শৃংখলাত তেওঁ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব। উল্লেখ্য যে বৈভৱ সূৰ্যবংশীও এই শৃংখলাত ভাৰতীয় দলৰ সদস্য।

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ পৰা বাদ পৰিল নেকি গৌতম গম্ভীৰ? প্ৰথমে আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰু তাৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত পৰাস্ত হৈ ভাৰতৰ মুখ লুকুৱাবলগীয়া অৱস্থা হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ টি-২০ ৰেংকিঙত শীৰ্ষৰ পৰা দ্বিতীয় স্থানলৈ অৱনমিত হৈছে ভাৰত।

এনে পৰিস্থিতিত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ ভূমিকাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। দলৰ পৰাজয়ৰ বাবে এই ব্যক্তিজনক সমালোচনা কৰাটো কোনেও বন্ধ কৰা নাই। সেইদৰে শুনিবলৈ পোৱা গৈছে যে জিম্বাবুৱে ছিৰিজত গম্ভীৰ ভাৰতৰ প্ৰশিক্ষক নাথাকে। দৰাচলতে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই জিম্বাবুৱে শৃংখলাত টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে ভিভিএছ লক্ষ্মণক প্ৰেৰণ কৰিছে।

আনহাতে, গৌতম গম্ভীৰক এতিয়াৰ বাবে জিৰণি দিয়া হৈছে। অৱশ্যে তেওঁক এতিয়াই মুখ্য প্ৰশিক্ষকৰ পদৰ পৰা অপসাৰণ কৰা হ’ব নে নহয় সেই সন্দৰ্ভত কোনো স্পষ্ট তথ্য পোৱা নাই। ইফালে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ছ’চিয়েল মিডিয়াত টিম ইণ্ডিয়াই জিম্বাবুৱে ছিৰিজলৈ ৰাওনা হোৱাৰ ছবি আপলোড কৰিছে।

বিচিচিআইৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰা ছবিত বৈভৱ সূৰ্য্যবংশী, তিলক ভাৰ্মা, ভিভিএছ লক্ষ্মণক দেখা গৈছে। কিন্তু জিম্বাবুৱেলৈ ৰাওনা হোৱা টিম ইণ্ডিয়াত কেবাটাও চিনাকি মুখ দেখা পোৱা নগ’ল।

জানিবলৈ পোৱা মতে ইংলেণ্ডৰ বিৰুদ্ধে চলিত এদিনীয়া শৃংখলা শেষ হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াছ আয়াৰ, শিৱম ডুবে, হৰ্ষ ডুবে, ঈশান কিষাণ আৰু প্ৰিন্স যাদৱহঁত পোনে পোনে জিম্বাবুৱেত উপস্থিত হ’ব।