NORTHEAST NOW (Assamese)
দেশ

পলমকৈ উপস্থিত হোৱাৰ বাবে দিব নোৱাৰিলে পৰীক্ষাঃ পিতৃলৈ ক্ষমা পত্ৰ লিখি চৰম পন্থা ল’লে ছাত্ৰই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2024 7:48 pm
Telangana student ends life after missing exam

পৰীক্ষা কেন্দ্ৰত পলমকৈ উপস্থিত হৈছিল এজন ইণ্টাৰমিডিয়েট ছাত্ৰ। কিন্তু নিৰ্ধাৰিত সময়তকৈ পিছত উপস্থিত হোৱাৰ বাবে ছাত্ৰজনক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দিয়া নহ’ল।

এই দুখতে ছাত্ৰজনে লয় আত্মহত্যাৰ দৰে চৰম পন্থা। এই শোকাৱহ ঘটনা সংঘটিত হৈছে তেলেংগানাত। আদিলাবাদ জিলাৰ এই ছাত্ৰজনে জলসিঞ্চনৰ খালত জপিয়াই আত্মহত্যা কৰে।

ঘটনাস্থলীত উদ্ধাৰ হৈছে ছাত্ৰজনে এৰি থৈ যোৱা চুইচাইড নোট। এই নোটত ছাত্ৰজনে পৰীক্ষা দিব নোৱাৰাৰ বাবে পিতৃৰ ওচৰত ক্ষমা বিচাৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰকাশিত খবৰ অনুসৰি, পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পৰীক্ষা অনুষ্ঠিত হৈছিল। ছাত্ৰখন পুৱা ৯.১৫ বজাত পৰীক্ষা কেন্দ্ৰত উপস্থিত হয়। কিন্তু পৰীক্ষাত বহিব নিদিয়াত তেওঁ ঘৰলৈ ঘূৰি আহে।

ঘৰলৈ উভতাৰ পথতে ছাত্ৰজনে দুখ আৰু অনুশোচনাত আত্মহত্যাৰ সিদ্ধান্ত লয় আৰু পথৰ কাষতে থকা এটা জলসিঞ্চন প্ৰকল্পত জপিয়াই আত্মহত্যা কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে। ঘটনাস্থলীৰ পৰা তেওঁৰ ঘড়ী আৰু মানিবেগও উদ্ধাৰ কৰা হৈছে।